নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২ লাখ লোকে প্রাণ হেৰুৱালে বিশ্বত; মাত্ৰ ১৩ দিনত ১ লাখৰে অভিলেখ

নিয়মীয়া বাৰ্তা, ২৬ এপ্রিলঃ ক’ভিড–১৯ৰ সংহাৰ অব্যাহত আছে বিশ্বত৷ মাত্র ১৩টা দিনতেই ক’ভিড–১৯ত আক্রান্ত হৈ লক্ষাধিক লোকে প্রাণ হেৰুৱালে৷ চীনত প্রাদুর্ভাৱ ঘটা মহামাৰী ক’ভিড–১৯ত আক্রান্ত হৈ ইয়াৰ পূর্বে ১০০ দিনত ১ লাখ লোকে প্রাণ হেৰুওৱাইছিল৷ কার্যতঃ ১১৩ দিনৰ ভিতৰত ক’ভিড–১৯ত মৃতকৰ সংখ্যা ২ লাখ অতিক্রম কৰিলে৷ জানুৱাৰী মাহত চীনৰ য়ুহান প্রদেশত ক’ৰোনা ভাইৰাছত প্রথমটো মৃত্যু পোহৰলৈ অহাৰ পাছত আজিলৈকে এই মৃত্যুৰ বিভীষিকা অব্যাহত আছে৷ ২১০খন দেশলৈ সংক্রমিত প্রাণঘাতী ক’ভিড–১৯ত ২৮.৬৬ লাখ লোক আক্রান্ত হৈছে৷ আমেৰিকা যুক্তৰাষ্ট্রত সর্বাধিক ৯ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে মৃত্যু হৈছে প্রায় ৫৩ হাজাৰ লোকৰ৷ ইয়াৰ পাছতেই ইউৰোপৰ কেইবাখনো দেশত ক’ভিড–১৯এ সংহাৰী ৰূপ লৈছে৷

ইউৰোপৰ ইটালী, স্পেইন, ফ্রান্স, জার্মানী, গ্রেট ব্রিটেইনত সংহাৰী ৰূপ লোৱা ক’ভিড–১৯এ লক্ষাধিক লোকৰ প্রাণ কাঢ়ি লৈছে৷ স্পেইনত ২.২৩ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২২ সহস্রাধিকে৷ আনপিনে, মৃত্যু উপত্যকাত পৰিণত হোৱা ইটালীত১.৯৫ লাখ লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২৬ সহস্রাধিকে৷ মহাদেশখনৰ আন এখন দেশ ফ্রান্সত ১.৬০ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে প্রাণ হেৰুৱাইছে ২২ সহস্রাধিকে৷ তেনেদৰে গ্রেট ব্রিটেইনত ১.৪৮ লাখতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ২০,৩০৯জনে প্রাণ হেৰুৱাইছে৷ জার্মানীত আক্রান্তৰ সংখ্যাই ডেৰ লক্ষাধিক অতিক্রম কৰিলেও মৃতকৰ ক্ষেত্রত দেশখনৰ সংখ্যা আনকেইখনৰ তুলনাত কম৷ দেশখনত মৃতকৰ সংখ্যা ৫,৮০৫জন৷

ইয়াৰ উপৰি তুৰস্ক, ইৰান, ব্রাজিল, ৰাছিয়া, বেলজিয়াম, কানাডা, নেদাৰলেণ্ড, ছুইজাৰলেণ্ড আদি দেশত আক্রান্তৰ সমান্তৰালকৈ মৃতকৰ সংখ্যা দিনে দিনে বৃদ্ধি পাই আছে৷ লক্ষণীয় যে আমেৰিকা যুক্তৰাষ্ট্রৰ নিউয়র্কত সর্বাধিক লোক আক্রান্ত হোৱাৰ লগতে সর্বাধিকজনৰ মৃত্যু ঘটিছে৷ আক্রান্ত আৰু মৃত্যুৰ ধাৰা অব্যাহত থাকিলেও বিগত দুদিন ধৰি আক্রান্তৰ সংখ্যা হ্রাস পাইছে৷ ইয়াৰ বিপৰীতে ৰাছিয়াত আক্রান্তৰ সংখ্যা প্রতিদিনে বৃদ্ধি পাই আছে৷ বিগত ২৪ ঘণ্টাত ৰাছিয়াত প্রায় ৬ হাজাৰ লোক আক্রান্ত হৈছে৷ অৱশ্যে দেশখনত মুঠ আক্রান্ত প্রায় ৭৫ হাজাৰৰ ভিতৰত, মৃত্যু ঘটিছে ৬৮১জনৰ৷ ব্রাজিলত ৫৪ হাজাৰতকৈ অধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৩,৭৬৪জনৰ মৃত্যু ঘটিছে৷ ৪ সহস্রাধিক মৃত্যু ঘটিছে নেদাৰলেণ্ডত৷ বিশ্বৰ আক্রান্তৰ তালিকাত ভাৰত ষষ্ঠদশ স্থানত আছে৷ দেশখনত এতিয়ালৈকে ২৬ সহস্রাধিক লোক আক্রান্ত হোৱাৰ বিপৰীতে ৮ শতাধিক লোকে প্রাণ হেৰুৱাইছে৷ মন কৰিবলগীয়া যে চীনত ক’ৰোনা ভাইৰাছ প্রায় নিয়ন্ত্রণ কৰিছে যদিও শেহতীয়া কেইবাদিন ধৰি দেশখনত আক্রান্তৰ সংখ্যা বৃদ্ধি পাই আছে৷ আজি নতুনকৈ ২২জন লোক আক্রান্ত হৈছে৷

You might also like