নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ লক ডাউনৰ বাবে সম্প্ৰতি স্থবিৰ হৈ পৰিছে দেশৰ লগতে ৰাজ্যৰ অৰ্থনীতি। এনে সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ আহ্বান। যিসকল ছাত্ৰ-ছাত্ৰী বা ব্যক্তিখণ্ডৰ চাকৰিয়াল ভাড়াঘৰ, পেয়িং গেষ্ট অথবা ব্যক্তিগত হোষ্টেলত থাকে তেওঁলোকৰ এপ্ৰিল মাহৰ ভাড়াৰ ৫০ শতাংশ ৰেহাই দিবলৈ আহ্বান।
তেওঁ লগতে কয় যে এই ক্ষেত্ৰত চৰকাৰে কোনো ধৰণৰ নিয়ম-নীতি বান্ধি দিব নোবাৰে। গতিকে মানবীয়তাৰ পৰিচয়ৰে ইজনে সিজনৰ কাষত থিয় হওঁক সকলো। যিহেতু ব্যক্তিগতখণ্ডৰ কৰ্মচাৰীকো সম্পূৰ্ণ দৰমহা দিব পৰা নাই গতিকে ব্যক্তিখণ্ডৰ চাকৰিয়ালৰ পৰাও ৫০শতাংশ ঘৰ ভাড়া ল’বলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।