নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ দেওবাৰে অসমত ক’ভিড-১৯ আক্ৰান্ত আৰু ৮ গৰাকী ৰোগীক মুকলি কৰি দিয়া হ’ব চিকিৎসালয়ৰ পৰা । দেওবাৰে এক সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ইতিমধ্য অসমত ৩৫ গৰাকী ক’ৰোনা আক্ৰান্তৰ এগৰাকী মৃত্যু হোৱাৰ লগতে পূৰ্বে ১৯ গৰাকী ৰোগীক মুকলি কৰি দিয়া হৈছিল চিকিৎসালয়ৰ পৰা ।
দেওবাৰলৈকে অসমত মুঠ ১৫ গৰাকী ক’ৰোনা আক্ৰান্ত সক্ৰিয় ৰোগী আছিল যদিও পুনৰ দেওবাৰে ৮ গৰাকীক মুকলি কৰি দিয়াৰ কথা উল্লেখ কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে । আজি মুকলি কৰি দিব লগা আঠগৰাকী ৰোগীৰ ৪ গৰাকী গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ৰ পৰা আৰু আন ৪ গৰাকী মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হ’ব । বৰ্তমান অসমত মুঠ ৭ গৰাকী সক্ৰিয় ক’ৰোনা আক্ৰান্ত আছে । ইফালে, বৰ্তমানলৈকে প্ৰায়সংখ্যক ৰোগীক মুকলি কৰি দিব পাৰিলেও কিন্তু অসমৰ প্ৰথমগৰাকী ক’ৰোনা আক্ৰান্তক বৰ্তমানেও মুকলি কৰি দিব পৰা হোৱা নাই ।