ছয়গাঁৱৰ জনকল্যাণ সমিতিৰ ছয়গাঁও আৰক্ষী থানাৰ বিষয়া কৰ্মচাৰীক বিহুৰ শুভেচ্ছা
নিয়মীয়া বাৰ্তা ২৬ এপ্ৰিল : কামৰূপ জিলাৰ ছয়গাঁৱৰ জনকল্যাণ সমিতি নামৰ স্বেচ্ছাসেৱী সংগঠনৰ লগতে বিজেপিৰ যুৱ মৰ্চাৰ ছয়গাঁও মণ্ডলৰ সদস্য সকলে ছয়গাঁও আৰক্ষী থানালৈ গৈ আৰক্ষীৰ লোক সকলক একোখনকৈ ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷ তেওঁলোকে ঘাইপথত কৰ্মৰত আৰক্ষী লোক সকলকো ফুলাম গামোছাৰে সম্বৰ্ধনা জনায় ৷ ছয়গাঁও জনকল্যাণ সমিতিৰ উদ্যোগত তথা বিজেপি যুৱ মৰ্চাৰ ছয়গাঁও মণ্ডলৰ সহযোগত আয়োজিত এই কাৰ্যসূচীৰ উপৰি তেওঁলোকে ছয়গাঁৱৰ ২০০ টা পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে ৷ আজিৰ এই কাৰ্যসূচীত ছয়গাঁও জনকল্যাণ সমিতিৰ সভাপতি দ্বিজেন দাস,সম্পাদক মিলন দাস,যুৱ মৰ্চাৰ সভাপতি মণ্টু কলিতা,সম্পাদক হিতেশ শালৈ ,জনকল্যাণ সমিতিৰ কৃষি বিভাগৰ সভাপতি নাগেশ্বৰ বড়ো,স্বাস্থ্য বিভাগৰ সভানেত্ৰী প্ৰণীতা শালৈ ,পৰিবেশ বিভাগৰ সভাপতি গগন নাথ,শিক্ষা বিভাগৰ সভাপতি ৰূপনাথ দাস,স্বচ্ছ বিভাগৰ সভাপতি গগন দাস,কৃষি বিভাগৰ সম্পাদক পবিত্ৰ নাথ আৰু জনকল্যাণ সমিতিৰ উপদেষ্টা নয়নমণি শালৈ,শুক্লেশ্বৰ ৰাভা আৰু ৰমেন তামুলি উপস্থিত থাকে ৷