নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৩০ এপ্ৰিললৈ বৃদ্ধি আন্তঃজিলা যাতায়াতৰ সময়সীমা

নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ ৰাজ্যত আন্তঃজিলা যাতায়াতৰ সময়সীমা ৩০ এপ্ৰিললৈ বৃদ্ধি। এই ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যৰ কোনো জিলাত আৱদ্ধ হৈ থকা লোকক নিজ ঘৰলৈ অনাৰ সুবিধা ৰাজ্য চৰকাৰে প্ৰদান কৰিছিল এই ক্ষেত্ৰত প্ৰায় ৭৩ হাজাৰ লোকে আৱেদন জনাইছিল। ইয়াৰে ভিতৰত ২৬, ৯৫০গৰাকী লোক ব্যক্তিগত বাহনৰে নিজ ঘৰলৈ উভটি আহিছে।

কিন্তু ইয়াৰে ৩৪,৫৫৯খন আৱেদন আমি গ্ৰহণ কৰিব পৰা নাছিলো কাৰণ তেওঁলোকৰ ভ্ৰমণসূচী আছিল ৰাউণ্ড ট্ৰিপ অৰ্থাৎ যাওঁতে গাড়ীখন খালী যাব আৰু আহোতে পেজেঞ্জাৰ তথা পৰিয়ালক লৈ আহিব। তেনেকুৱা আৱেদনকাৰীক আমি অনুমতি দিয়া নাছিলো। এতিয়া ২৮, ২৯, ৩০ এপ্ৰিলত এই ৩৪ হাজাৰ লোকেও নিজৰ গাড়ীলৈ যাব পাৰিব আৰু নিজৰ পৰিয়ালক লৈ আহিব পাৰিব। এই সন্দৰ্ভত উপায়ুক্তসকলকনিৰ্দেশনা দিয়া হ’ব বুলিও সংবাদমেলত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।

You might also like