নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক’ৰোনা প্রতিৰোধত সফল অসম

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ভিড–১৯ৰ সংক্রমণ ৰোধ কৰাৰ লগতে ৰাজ্যৰ আক্রান্ত লোকসকলক চিকিৎসা সেৱা আগবঢ়াই সুস্থ কৰি তোলাৰ ক্ষেত্রত স্বাস্থ্য বিভাগে বিশেষ সফলতা অর্জন কৰিছে৷ সমগ্র দেশৰ ভিতৰতে ক’ৰোনা ৰোধৰ ক্ষেত্রত অসমে আগস্থানত অৱস্থান কৰিবলৈ সক্ষম হৈছে৷ এয়া দেখ দেখকৈ ৰাজ্যৰ স্বাস্থ্য বিভাগৰ বাবে বিশেষ সফলতা৷ ৰাজ্যখনত এতিয়ালৈ মুঠ ৩৫ জন লোক ক’ভিড–১৯ ত আক্রান্ত হৈছে৷

দুর্ভাগ্যজনকভাৱে চিকিৎসাধীন অৱস্থাত শিলচৰ মেডিকেল কলেজ হাস্পতালত এজনৰ মৃত্যু হয়৷ ইয়াৰ বিপৰীতে এতিয়ালৈ মুঠ ২৭জন লোক হাস্পতালৰ পৰা সুস্থ হৈ উভতিবলৈ সক্ষম হৈছে৷ অর্থাৎ ৰাজ্যখনত ৭৭ শতাংশই ক’ৰোনা আক্রান্ত সুস্থ হৈ হাস্পতালৰ পৰা ৰিলিজ লাভ কৰিবলৈ সক্ষম হৈছে৷ মন কৰিবলগীয়া এয়ে যে সমগ্র দেশত ক’ৰোনা আক্রান্ত সুস্থ হৈ ৰিলিজ লাভ কৰাৰ হাৰ ২২ শতাংশহে৷ চিকিৎসাধীন হৈ সুস্থ হোৱাৰ ক্ষেত্রত ৰাষ্ট্রীয় হাৰতকৈ অসমৰ হাৰ বহু ওপৰত৷

দেওবাৰে বিয়লি গুৱাহাটীস্থিত এন এইচ এম কার্যালয়ত আয়োজিত এখন সংবাদ মেলত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ক’ভিড–১৯ সম্পর্কত ৰাজ্যখনৰ শেহতীয়া পৰিস্থিতিৰ বিষয়ে অৱগত কৰি কয় যে দেওবাৰে পুনৰ চিকিৎসালয়ৰ পৰা ক’ভিড–১৯ আক্রান্ত ৮জনকৈ লোকে ৰিলিজ লাভ কৰিছে৷ গোলাঘাটত চাৰিজন আৰু গুৱাহাটীৰ মহেন্দ্র মোহন চৌধুৰী হাস্পতালত চিকিৎসাধীন হৈ থকা আন চাৰিজন মুঠ ৮জন লোকৰ শৰীৰত সম্প্রতি ক’ভিড–১৯ৰ উপস্থিতি নথকাটো নিশ্চিত হোৱাৰ পাছত তেওঁলোকক চিকিৎসালয়ৰ পৰা ৰিলিজ কৰা হয়৷ সম্প্রতি মাত্র ৭জন লোক হাস্পতালত চিকিৎসাধীন হৈ আছে৷ অহা ৩০ এপ্রিলৰ আগত সেইসকলৰ আৰু কিছুসংখ্যকক হাস্পতালৰ পৰা ৰিলিজ দিব পৰা যাব বুলি তেওঁ আশা প্রকাশ কৰে৷ ৰাজ্যখনৰ ক’ভিড–১৯ আক্রান্ত ৭৭ শতাংশই সুস্থ হৈ চিকিৎসালয়ৰ পৰা ৰিলিজ লাভ কৰাটো অসমৰ বাবে এক সাফল্য বুলি অভিহিত কৰি মন্ত্রী ড০ শর্মাই কয় যে ৰাজ্যখনৰ বাবে সফলতাৰ কাহিনী এইটোৱেই যে প্রতিগৰাকী ক’ৰোনা আক্রান্তক ফেচিলিটী চেণ্টাৰতে চিনাক্ত কৰিব পৰাটো৷ কমিউনিটী ট্রেন্সমিছনৰ কোনো এটা ঘটনাই ৰাজ্যখনত সংঘটিত হোৱা নাই৷ যিকেইটা পজিটিভ পোৱা গৈছে, আটাইকেইটা চৰকাৰী কোৱাৰেণ্টাইন অৱস্থাতে লাভ কৰা হৈছে৷ যিসকল লোক ক’ভিড–১৯ত আক্রান্ত হ’ব পাৰে বুলি আশংকা কৰা হৈছিল, তেওঁলোকক আটাইকে স্বাস্থ্য বিভাগে আগতীয়াকৈ কোৱাৰেণ্টাইন কৰাত সক্ষম হ’ল৷ যাৰ বাবে তেওঁলোক কোনো সামাজিক সংস্পর্শলৈ যাব নোৱাৰিলে৷ আনকি গ্রামাঞ্চলত কোনো লোক ক’ভিড–১৯ত আক্রান্ত হৈ আছে নেকি, সেয়া নিশ্চিত কৰাৰ বাবে  চাপৰ, বিলাসীপাৰা, ধুবুৰীত ৰেণ্ডম টেষ্টৰ ব্যৱস্থা কৰা হৈছে৷

আৰক্ষীৰ লোক, আশাকর্মী, গেলামালৰ দোকানীকে আদি কৰি যাকেই য’ত লগ পোৱা হৈছে, তেওঁৰে ছেম্পল সংগ্রহ কৰি বিজ্ঞানসন্মতভাৱে এই ৰেণ্ডম টেষ্টৰ পদক্ষেপ লোৱা হৈছে৷ ক’ৰোনাৰ পৰা ৰাজ্যখনক বচোৱাৰ লক্ষ্য আগত ৰাখি অসম–বংগ সীমান্তও ছীল কৰাৰ ব্যৱস্থা লোৱা হৈছে৷ শ্রীৰামপুৰ আৰু বক্সিৰহাটৰ দুই মূল প্রৱেশদ্বাৰৰ উপৰি বহিঃৰাজ্যখনৰ পৰা অসমত প্রৱেশ কৰিব পৰা আন ৭–৮টা যি গাঁও সংযোগী পথ আছে, সেই পথসমূহো ছীল কৰাৰ ব্যৱস্থা গ্রহণ কৰা হৈছে৷ সংবাদ মেলখনত মন্ত্রী ড০ শর্মাই কয় যে অসমে এতিয়ালৈ ৭,৬১৬জন লোকৰ নমুনা সংগ্রহ কৰি ৬খন মেডিকেল কলেজৰ পৰীক্ষাগাৰত পৰীক্ষা কৰিছে৷ ইয়াৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰীক্ষাগাৰত ৩,৬৫৫জন, ডিব্রুগড়ত ১,৩৯৬জন, বৰপেটাত ১,০৪৭জনৰ নমুনা পৰীক্ষা কৰা হয়৷ অৱশ্যে এতিয়াও ২০৯টা নমুনা পৰীক্ষাৰ ফলাফল লাভ কৰিবলৈ বাকী আছে৷ আনহাতে, ৰাজ্যখনৰ প্রথমজন ক’ভিড–১৯ আক্রান্ত মহম্মদ জামালুদ্দিন এতিয়াও সুস্থ হৈ উঠা নাই বুলি জানিবলৈ দি মন্ত্রী ড০ শর্মাই কয় যে লোকজনৰ শৰীৰত এতিয়াও ক’ভিড–১৯ৰ উপস্থিতি লাভ কৰি থকা বাবেই তেওঁক চিকিৎসাধীন অৱস্থাত ৰাখিবলগীয়া হৈছে৷ সেইদৰে ক’ভিড–১৯ আক্রান্তক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ হাতত এতিয়াও ২ লাখ ৭০ হাজাৰ পি পি ই কিট, ৫২ হাজাৰ এন ৯৫ মাস্ক আৰু ৪৬ লাখ ট্রিপল লেয়াৰ মাস্ক মজুত থকাৰ কথা উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে এইক্ষেত্রত অসম আত্মনির্ভৰশীল পর্যায়ত আছে৷ ইপিনে লকডাউনৰ সময়ছোৱাত স্থানীয়ভাৱে জনসাধাৰণে বিচাৰি নোপোৱা দৰব যোগানৰ বাবে স্বাস্থ্য বিভাগে ব্যৱস্থা গ্রহণ কৰি ১০৪ত ফোন কৰিবলৈ দিছিল৷

মন্ত্রী ড০ শর্মাই জানিবলৈ দিয়া মতে, এতিয়ালৈ ১,৯৩১জন ব্যক্তিয়ে দৰব বিচাৰি ১০৪ত ফোন কৰিছে৷ এতিয়ালৈ ৪৬৭জনক ঘৰত দৰব যোগান ধৰা হৈছে৷ চৰকাৰী হাস্পতালত উপলব্ধ নোহোৱা দৰবৰ ক্ষেত্রত ২০০ টকা মূল্যলৈকে দৰব চৰকাৰে বিনামূলীয়াকৈ যোগান ধৰিছে৷ বাকীসকলৰ দৰব গুৱাহাটীকে ধৰি আন স্থানৰ পৰা সংগ্রহ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ সেইসমূহ দৰবৰ মূল্য ২০০ টকাতকৈ অধিক হ’লে দৰব চমজাই দিয়াৰ সময়ত সেই দাম আদায় দিব লাগিব৷

You might also like