নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশ্বিন ভাৰতৰ শ্রেষ্ঠ স্পিনাৰ হৈ থাকিব

নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ  এদিনীয়া আৰু টি–২০ ক্রিকেটত স্থান নিশ্চিত নহ’লেও ৰবিচন্দ্রন অশ্বিন ভাৰতৰ শ্রেষ্ঠ স্পিনাৰ হিচাপে পৰিগণিত হ’ব৷ টেষ্টত তেওঁৰ উইকেট দখল কৰিব পৰা সক্ষমতা অতুলনীয়৷ এই মন্তব্য আগবঢ়াইছে পাকিস্তানৰ একালৰ কিংবদন্তি অফ স্পিনাৰ ছাকলেইন মুস্তাকে৷ ‘দুছৰা’ৰ উদ্ভাৱক প্রাক্তন ক্রিকেটাৰগৰাকীয়ে আজি ৰাষ্ট্রীয় সংবাদ প্রতিষ্ঠান পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কয় যে অশ্বিনৰ দৰে এগৰাকী দক্ষতাসম্পন্ন অফ স্পিনাৰক ভাৰতে এদিনীয়া আৰু টি–২০ দলৰ পৰা বাহিৰত ৰখাটো তেওঁৰ বাবে আশ্চর্যকৰ৷

‘অশ্বিন অতুলনীয় দক্ষতাৰ অধিকাৰী৷ তেওঁ অতি সোনকালে খেলৰ পৰিস্থিতি অনুধাৱন কৰিব পাৰে৷ পাঁচদিনীয়া মেচত বেটছমেনক কিদৰে আউট কৰিব লাগে সেয়া তেওঁ ভালদৰে জানে৷ সীমিত অ’ভাৰ ক্রিকেটতকৈ টেষ্টত বেটছমেন এগৰাকীক আউট কৰাটো অধিক কঠিন৷ গতিকে অশ্বিন এদিনীয়া আৰু টি–২০তো সফল হ’ব বুলি মই নিশ্চিত৷ কিন্তু ভাৰতে তেওঁক দীর্ঘদিন ধৰি সীমিত অ’ভাৰৰ খেলত সুযোগ দিয়া নাই৷’ –ছাকলেইন মুস্তাকে এইদৰে কয়৷ উল্লেখ্য যে ভাৰতীয় টেষ্ট দলৰ নিয়মীয়া সদস্য অফ স্পিনাৰ অশ্বিনে ২০১৭ৰ জুলাইৰ পৰা ভাৰতৰ এদিনীয়া আৰু টি–২০ দলত স্থান পোৱা নাই৷

ইফালে, ভাৰতৰ হৈ ১০৩খন টেষ্ট খেলি অৱসৰ গ্রহণ কৰা তাৰকা অফ স্পিনাৰ হৰভজন সিঙে টেষ্ট কেৰিয়াৰত অতি সহজে ৭০০ উইকেট দখল কৰিব পাৰিলেহেঁতেন বুলি পাকিস্তানৰ প্রাক্তন ক্রিকেটাৰগৰাকীয়ে অনুভৱ কৰে৷ হৰভজনে অৱসৰৰ পূর্বে ৪১৩টা উইকেট পাইছিল৷

You might also like