তিনি শতাধিক চালক হেণ্ডিমেনক অত্যাৱশ্যকীয় খাদ্য সামগ্রী বিতৰণ
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ বৃহত্তৰ বৰপেটাৰোড আঞ্চলিকট্ৰাক মালিক সন্থাই শিমলাগুৰি আৰক্ষী চকীৰ সমীপত প্রায় ৩০০ ড্রাক চালক–হেণ্ডিমেনৰ মাজত চাউল, আলু, মিঠাতেল, দাইল, চাবোন, নিমখ আদি অত্যাৱশ্যকীয় খাদ্য সামগ্রী বিতৰণ কৰে৷ ট্ৰাক মালিক সন্থাৰ সভাপতি আবুবক্কৰ ছিদ্দিক, সম্পাদক চাৰিফুল ইছলাম, কার্যালয় সহায়ক ৰবি ৰয়ৰ লগতে অৰুণ সাহা, দিলীপ প্রসাদ, মিণ্টু সাহা আৰু মজিবৰ ৰহমানৰ উপৰি আৰক্ষী ৰিয়াছ দেৱান আহমেদে উপস্থিত থাকি ট্ৰাকচালক আৰু হেণ্ডিমেনসকলক খাদ্য সামগ্রী বিতৰণ কৰে৷ আনহাতে চহৰখনৰ অগ্রণী সামাজিক সংঘ মানাসপুৰ যুৱ সমাজৰ তৰফৰ পৰাও আজি প্রায় ডেৰ শতাধিক লোকক বিভিন্ন খাদ্য আৰু আন সামগ্রী বিতৰণ কৰা হয়৷ অনুষ্ঠানটোৱে সাতভনীৰটুপ, চেংগুলীয়া, দক্ষিণ কলহভঙা আৰু শিমলাগুৰি (বিটিএডি) অঞ্চলত সামগ্রীখিনি বিতৰণ কৰে৷