হোৱাইট হাউছৰ সংবাদ মেলত অনুপস্থিত ট্রাম্প
নিয়মীয়া বাৰ্তা, ২৭ এপ্ৰিলঃ হোৱাইট হাউছত সংবাদ মেলত ক’ৰোনা ভাইৰাছৰ প্রতিৰোধী টিকা হিচাপে নিঃসংক্রামক বা ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে বুলি পৰামর্শ আগবঢ়াই বিশ্বৰ চিকিৎসা বিজ্ঞানীসকলৰ সমালোচনাৰ সন্মুখীন হোৱা ড’নাল্ড ট্রাম্পে শেহতীয়াকৈ সংবাদ মেল বর্জন কৰিছে৷ এই ঘটনাৰ মাত্র দুদিন পাছতে ট্রাম্পে হোৱাইট হাউছত দৈনন্দিন সংবাদ মেলত উপস্থিত থকাৰ পৰা বিৰত থাকে৷
আনকি ট্রাম্পে হোৱাইট হাউছত ক’ৰোনা ভাইৰাছ সন্দর্ভত সংবাদ মেল সম্বোধন কৰাটো সময়ৰ অপচয় বুলিও অভিহিত কৰিছে৷ স্মর্তব্য যে ট্রাম্পৰ পৰামর্শৰ পাছতে হোৱাইট হাউছৰ বিশিষ্ট চিকিৎসকল হতচকিত হৈ পৰিছিল৷ চিকিৎসা বিজ্ঞানৰ সাধাৰণ জ্ঞানকণো নথকা ট্রাম্পে এনে মন্তব্য আগবঢ়োৱাৰ লগে লগে এয়া হাস্যকৰ বুলি অভিহিত কৰিছিল বহু চিকিৎসকে৷ বিশ্বৰ পৰাক্রমী দেশ এখনৰ শীর্ষ নেতা এগৰাকীয়ে কেনেদৰে এনে অবিবেচকী মন্তব্য আগবঢ়াব পাৰে তাক লৈও সৃষ্টি হৈছিল চাঞ্চল্য৷ স্মর্তব্য যে বিভিন্ন সময়ত বিতর্কিত মন্তব্যৰে সংবাদ শিৰোনাম দখল কৰি আহিছে ট্রাম্পে৷ আনকি সামুদ্রিক ধুমুহাৰ পৰা পৰিত্রাণ পাবলৈ পৰমাণু বোমা ব্যৱহাৰৰ পৰামর্শও আগবঢ়াইছিল নেতাগৰাকীয়ে৷