নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১২ মাহৰ ভিতৰত সাজু হ’ব ভেকচিন

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিশ্ববাসীক ত্রাসিত কৰি ৰখা মহামাৰী ক’ৰোনা ভাইৰাছৰ ভেকচিন অহা ১২ মাহৰ ভিতৰত সাজু হৈ উঠিব ৷ বিশ্বৰ দ্বিতীয় ধনাঢ়্য ব্যক্তি, সমাজকর্মী বিল গিটছে ক’ৰোনা ভাইৰাছৰ ভেকচিন প্রস্তুত কৰাৰ বাবে ইতিমধ্যে তেওঁৰ ফাউণ্ডেচনৰ দ্বাৰা প্রক্রিয়া আৰম্ভ কৰিছে ৷ আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা ভাৰতলৈকে বিশ্বৰ বিভিন্ন দেশে ক’ৰোনা ভাইৰাইছৰ ভেকচিন উদ্ভাৱন কৰিবলৈ অহৰহ প্রচেষ্টা চলাই থকাৰ সময়তে বিল গেটছ ফাউণ্ডেচনেও ভেকচিন উদ্ভাৱনৰ প্রক্রিয়া আৰম্ভ কৰিছে ৷ ভয়াৱহ ভাইৰাছটোৰ ভেকচিন উলিওৱাৰ বাবে বিলিয়নাৰ বিল গেটছৰ ফাউণ্ডেচনে ৭টা সবাতোকৈ উজ্জীৱিত ধাৰণাক সাৰথি কৰি ভেকচিন উদ্ভাৱনৰ বাবে আগবাঢ়িছে ৷ ফাউণ্ডেচনে ঠিকে–ঠাকে সংস্থাটোৰ ভেকচিন উদ্ভাৱনৰ প্রক্রিয়া আগবঢ়াই নিব পাৰিলে অহা ১২ মাহৰ ভিতৰত এই ভেকচিন সাজু হৈ উঠাটো প্রায় নিশ্চিত বুলি দাবী কৰিছে ফাউণ্ডেচনে ৷  উল্লেখ্য যে ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিবলৈ ফাউণ্ডেচনে ভেকচিন উদ্ভাৱনৰ ক্ষেত্রত ৪০ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰিব৷ এই ফাউণ্ডেচনে বিশ্বৰ কেইবাখনো দেশলৈ মহামাৰী ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ২৫০ নিযুত মার্কিন ডলাৰ বৰঙণি হিচাপে আগবঢ়াইছে ৷ লক্ষণীয় যে মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে বিশ্ব স্বাস্থ্য সংস্থাৰ ভূমিকাক লৈ কঠোৰ সমালোচনা কৰিলেও বিল গেটছে স্বাস্থ্য সংস্থাৰ ভূমিকাক শলাগ লৈছে ৷

You might also like