নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বৰ প্রতিৰক্ষা শিতানৰ ব্যয়ৰ তালিকাৰ তৃতীয়ত ভাৰত

নিয়মীয়া বাৰ্তা, ২৮ এপ্রিলঃ বিশ্বব্যাপী প্রতিৰক্ষা শিতানত ব্যয় বৃদ্ধি পাইছে৷ দশকটোৰ ভিতৰত ২০১৯ চনত আন্তর্জাতিক সামৰিক ব্যয় ৩.৬ শতাংশ বৃদ্ধি পাইছে৷ প্রতিৰক্ষা শিতানত ব্যয়ৰ তালিকাৰ তিনি শীর্ষস্থানৰ ভিতৰত প্রথমবাৰৰ বাবে ভাৰতে স্থান লাভ কৰিছে৷ আমেৰিকা যুক্তৰাষ্ট্র শীর্ষস্থানত থকাৰ বিপৰীতে চীন আছে দ্বিতীয় স্থানত আৰু ভাৰতে তালিকাৰ তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে৷ ষ্টকহোম ইণ্টাৰনেচনেল পীচ ৰিছার্চ ইনষ্টিটিউটে (ছিপ্রি) প্রকাশ কৰা প্রতিবেদন মতে, ২০১৯ বর্ষত আন্তর্জাতিক সামৰিক ব্যয় ১,৯১৭ বিলিয়ন মার্কিন ডলাৰলৈ বৃদ্ধি পাইছে৷ অর্থাৎ ২০১৮ চনৰ তুলনাত এই সামৰিক ব্যয় ৩.৬ শতাংশ বৃদ্ধি পাইছে৷ ২০১০ চনৰ পাছত সর্বাধিক সামৰিক ব্যয়ৰ তালিকাত ভাৰতে নিজকে শক্তিশালী সামৰিক বাহিনীৰ দেশ হিচাপে স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে৷ এছিয়াৰ চীনৰ পাছত দ্বিতীয়খন দেশ হিচাপে ভাৰতে সামৰিক ব্যয়ৰ ক্ষেত্রত তৃতীয় শীর্ষস্থান লাভ কৰাটো তাৎপর্যপূর্ণ হিচাপে বিবেচিত হৈছে ৷

প্রতিবেদন মতে, ২০১৯ চনত ভাৰতৰ সামৰিক ব্যয় ৭১.১ বিলিয়ন মার্কিন ডলাৰ আছিল৷ অর্থাৎ বিগত বছৰবোৰৰ তুলনাত ভাৰতৰ এই সামৰিক ব্যয় ৬.৮ শতাংশ বৃদ্ধি পাইছে৷ তাৎপর্যপূর্ণ যে চীনে ২৬১ বিলিয়ন মার্কিন ডলাৰ ব্যয়েৰে দ্বিতীয় স্থানত থাকিলেও ২০১৮ চনৰ তুলনাত ভাৰততকৈ কম ব্যয় কৰিছে৷ দেশখনৰ ২০১৯ চনত ব্যয় বৃদ্ধি পাইছে ৫.১ শতাংশ৷ চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু চীনৰ সৈতে সীমান্তত উত্তেজনা বৃদ্ধি পাই থকাৰ পৰিপ্রেক্ষিততে ভাৰতে সামৰিক ব্যয় বৃদ্ধি কৰিছে বুলি প্রকাশ কৰিছে ছিপ্রিৰ জ্যেষ্ঠ গৱেষক চিমন ই ৱেজমেনে৷ শীর্ষত থকা আমেৰিকা যুক্তৰাষ্ট্রৰ ২০১৯ বর্ষৰ সামৰিক ব্যয় ৭৩২ বিলিয়ন মার্কিন ডলাৰ৷ অর্থাৎ বিগত বর্ষৰ তুলনাত ৫.৩ শতাংশ বৃদ্ধি পাইছে৷ লক্ষণীয় যে আন্তর্জাতিক সামৰিক ব্যয়ৰ ৩৮ শতাংশই আমেৰিকা যুক্তৰাষ্ট্রৰ৷ প্রতিবেদনত উল্লেখ কৰা মতে, আমেৰিকা যুক্তৰাষ্ট্র, চীন, ভাৰত, ৰাছিয়া আৰু ছৌদি আৰবৰ সামৰিক ব্যয় মুঠ ব্যয়ৰ ৬২ শতাংশ৷ উনুকিয়াব পাৰি যে সামৰিক ব্যয়ৰ ক্ষেত্রত বিশ্বৰ ৩খন শীর্ষ দেশৰ ভিতৰত এছিয়াৰ দুখন দেশে প্রথমবাৰৰ বাবে স্থান লাভ কৰিছে৷ শক্তিশালী দেশ জাপানে ২০১৯ বর্ষত ৪৭.৬ বিলিয়ন মার্কিন ডলাৰ ব্যয় কৰাৰ বিপৰীতে দক্ষিণ কোৰিয়াই ব্যয় কৰিছে ৪৩.৯ বিলিয়ন মার্কিন ডলাৰ৷ ১৯৮৯ চনৰ পাছৰে পৰা এছিয়া মহাদেশৰ দেশসমূহত সামৰিক ব্যয় প্রতিবছৰে বৃদ্ধি পাই আহিছে ৷

You might also like