নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বোকাখাতৰ দম্পতীসহ দিল্লীত তিনিজন ক’ৰোনাত আক্রান্ত

নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ লকডাউনৰ পূর্বে চিকিৎসাৰ বাবে দিল্লীলৈ যোৱা ৰাজ্যৰ বোকাখাতৰ এটা দম্পতীসহ তিনিজন লোক ক’ৰোনাত আক্রান্ত হৈছে৷ প্রাপ্ত তথ্য অনুসৰি, বোকাখাতৰ মহমাইকী গাঁৱৰ অজিত শইকীয়া আৰু বন্তি শইকীয়া ক’ৰোনাত আক্রান্ত হৈছে৷ তেওঁলোকৰ সৈতে দিল্লীলৈ যোৱা আন এজন যুৱকো ক’ৰোনাত আক্রান্ত হৈছে বুলি জানিব পৰা গৈছে৷ দেশৰ ৰাজধানী চহৰ দিল্লীৰ ৰাজীৱ গান্ধী ছুপাৰ স্পেচিয়েলিটিছ হাস্পতালত চিকিৎসাৰ বাবে গৈছিল শইকীয়া দম্পতী৷ সম্প্রতি তেওঁলোক দিল্লীতেই চিকিৎসাধীন হৈ আছে৷ উল্লেখ্য যে দিল্লীত ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই আহিছে৷ ইয়াৰ পূর্বে নিজামুদ্দিনৰ জামাতলৈ যোৱা অসমৰ কেইবাগৰাকী ব্যক্তিও দিল্লীতে ক’ভিড–১৯ ৰোগত আক্রান্ত হৈছিল৷ আজি পুনৰ শইকীয়া দম্পতী এই ৰোগত আক্রান্ত হোৱাৰ বাতৰিয়ে শংকিত কৰি তুলিছে ৰাজ্যবাসীক।

You might also like