ক’ভিড–১৯এ উত্থান ঘটাব সন্ত্রাসবাদ–উগ্রপন্থাৰ
যুৱ প্ৰজন্মৰ সমস্যাক গুৰুত্ব দিবলৈ আহ্বান গুটেৰেছৰ
নিয়মীয়া বাৰ্তা ২৯ এপ্ৰিলঃ মাৰাত্মক ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে বিশ্বজুৰি উগ্রপন্থা, নৈৰাজ্যবাদ আৰু সন্ত্রাসবাদৰ উত্থান ঘটাব পাৰে৷ এই আশংকা কৰিছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ সচিবপ্রধান এণ্টনি’ গুটেৰেছে৷ সচিবপ্রধানগৰাকীয়্ শেহতীয়াকৈ মন্তব্য কৰিছে যে ক’ভিড–১৯ৰ ফলত যুৱ প্রজন্ম অধিক সংকটৰ সন্মুখীন হ’ব৷ গতিকে বিশ্বৰ প্রতিখন দেশে যুৱ প্রজন্মৰ বিষয়টোক অতি গুৰুত্বসহকাৰে লোৱাৰ লগতে শান্তি আৰু নিৰাপত্তাৰ বিষয়টোক অগ্রাধিকাৰ দিব লাগিব বুলি গুটেৰেছে উল্লেখ কৰিছে৷ ক’ভিড–১৯ মহামাৰীয়ে কঢ়িয়াই অনা দুর্ভিক্ষ, কর্মহীনতা আদিৰ সুযোগ ল’ব সন্ত্রাসবাদী তথা উগ্রপন্থী সংগঠনবোৰে৷যুৱ প্রজন্মৰ মাজত সৃষ্টি হোৱা ক্ষোভ তথা হতাশাত এই সন্ত্রাসবাদী সংগঠনবোৰে ইন্ধন যোগাই হাতত মাৰণাস্ত্র তুলি লোৱাৰ বাবে যুৱক–যুৱতীসকলক্ উৎসাহিত কৰিব পাৰে বুলি আশংকা প্রকাশ কৰিছে গুটেৰেছে৷ উল্লেখনীয় যে ৰাষ্ট্রসংঘৰ নিৰাপত্তা পৰিষদৰ কালি অনুষ্ঠিত ভিডি’ কনফাৰেন্সিং সন্মিলনত এই মন্তব্য আগবঢ়াইছে সচিবপ্রধানগৰাকীয়্৷ ক’ভিড–১৯ৰ মোকাবিলা কৰাৰ ক্ষেত্রত বিশ্ববাসীক ঐক্যবদ্ধ হ’বলৈ সঘনে গুটেৰেছে আহ্বান জনাই আহিছে যদিও নিৰাপত্তা পৰিষদত চীন, আমেৰিকা, ৰাছিয়া আদি দেশৰ মতানৈক্য চলি আছে৷