ৰহাৰ এগৰাকী দৰিদ্ৰ মহিলাৰ কৰুণ গাঁথা; আজিও নাপালে চৰকাৰী গৃহ
নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ নগাঁও জিলাৰ ৰহা আৰক্ষী থানাৰ অন্তৰ্গত ফুলগুৰিৰ এগৰাকী দৰিদ্ৰ মহিলাৰ চৰম দুৰ্দশাৰ কাহিনী। তিনি সন্তানসহ স্বামীহীনা মহিলা গৰাকীৰ দুৰৱস্থাই চিন্তিত কৰিছে পৰিয়ালটোক । চৰকাৰে বিভিন্ন সময়ত দৰিদ্ৰ জনসাধাৰণৰ বাবে গ্ৰহণ কৰি আহিছে বহু আঁচনি। এই আঁচনিত উপকৃত হৈছে বহুজন। কিন্তু কিছু চৰকাৰী বিষয়া অথবা স্থানীয় জনপ্ৰতিনিধিৰ অবহেলাৰ বাবেই বৰ্তমানেও একাংশ প্ৰকৃত দৰিদ্ৰ হিতাধিকাৰীয়ে আঁচনিৰ পৰা বঞ্চিত হৈ আহিছে সেয়া নিশ্চিত। ইয়াৰে এক উদাহৰণ হ’ল ৰহা সমষ্টিৰ ফুলগুৰি গাঁওপঞ্চায়তৰ অন্তৰ্গত দহ নং ৱাৰ্ডৰ ৰিম্পী ডেকা নামৰ এগৰাকী দৰিদ্ৰ স্বামীহীনা মহিলা।
জানিব পৰা মতে, ফুলগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত ১০ নং ৱাৰ্ডৰ বাসিন্দা মৃত ৰঞ্জিত ডেকাৰ পত্নী ৰিম্পী ডেকাই লগত তিনি সন্তানসহ অকলশৰে অতি কষ্টেৰে জীৱন নিৰ্বাহ কৰি আছিল যদিও বৰ্তমান সময়ত পানীত হাঁহ নচৰা অৱস্থা হৈছে। ৰিম্পী প্ৰায় ন বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল যদিও প্ৰায় চাৰি বছৰ আগতে ৰঞ্জিত ডেকাৰ মৃত্যু হোৱাত মানুহৰ ঘৰে ঘৰে গৈ কাম-বন কৰি কোনোমতে সন্তান কেইটাক পোহপাল দি আছিল ।
উল্লেখ্য যে, স্বামীৰ মৃত্যুৰ পাছত যি এটা জৰাজীৰ্ণ ঘৰ আছিল সেইটোও ভাঙি পৰাত গৃহহীন হৈ পৰিছিল ৰিম্পী। তেতিয়া কিছুদিনৰ বাবে সম্পৰ্কীয় লোকৰ ঘৰতে আশ্ৰয় লৈছিল যদিও পুনৰ কিছুদিনৰ পাছত ঘুৰি আহে নিজৰ ঘৰটোলৈ। কিন্তু একমাত্ৰ ভেটিটোৰ বাদে আন একো নথকা বিমোৰত পৰাত গাঁৱৰ গাঁওবুঢ়া গৰাকীৰ প্ৰচেষ্টাত ৰহাৰ কেইজনমান সাংবাদিকৰ সহযোগত টিনৰ চালি, বাহৰ বেৰদি এটি ঘৰ নিৰ্মাণ কৰি দিয়ে। কিন্তু উক্ত বাহৰ ঘৰটি মঙলবাৰে অহা এজাক ধুমুহাই ঘৰৰ টিনপাত আদি নষ্ট কৰে যাৰ ফলত সমস্যাত পৰিছে মহিলা গৰাকী। অন্যৰ ঘৰত কাম বন কৰি যেনেতেনে পৰিয়ালটো পোহপাল দিয়া ৰিম্পী ডেকাই পূৰ্বতে এটা অনুদানৰ ঘৰ পাবলৈ বহুবাৰ আবেদন নিবেদন কৰা স্বত্বেও আজি পৰ্যন্ত এটা চৰকাৰী ঘৰ লাভ কৰিবলৈ সক্ষম নহ’ল। সেহে স্থানীয় লোকে পঞ্চায়তৰ প্ৰতিনিধিক অতি শীঘ্ৰে ৰিম্পী ডেকাক এটা চৰকাৰী গৃহ আবণ্টন দিবলৈ স্থানীয় ৰাইজে আহ্বান জনাইছে ।