ড০ হিমন্ত বিশ্ব শর্মাৰ বদান্যতাত সকাহ ত্রিপুৰাৰ শ্রমিকৰ
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ লকডাউনৰ বাবে দেশৰ বিভিন্ন স্থানত ৰাজ্যখনৰ বহু লোক আবদ্ধ হৈ থকাৰ সমান্তৰালকৈ অসমতো বহিঃৰাজ্যৰ লোক আবদ্ধ হৈ থাকিব লগা হৈছে ৷ ত্রিপুৰাৰ ৬গৰাকীৰ লগতে মিজোৰামৰ ৪গৰাকী আৰু অসমৰ দুলীয়াজনৰ ৩গৰাকীসহ মুঠ ১৩গৰাকী যুৱক কর্মসূত্রে তেজপুৰত আছিল ৷ কিন্তু লকডাউনৰ পৰিপ্রেক্ষিতত তেওঁলোক নিজ নিজ ৰাজ্যলৈ উভতি যাব নোৱাৰাৰ ফলত তেজপুৰৰ কুণ্ডাৰবাৰীৰ ভাৰাঘৰতে আবদ্ধ হৈ গভীৰ সংকটৰ সন্মুখীন হ’ব লগা হৈছে ৷ তেনে পৰিপ্রেক্ষিতত ত্রিপুৰাৰ জনজাতীয় লোককেইজনে নিজ ৰাজ্যৰ উপ–মুখ্যমন্ত্রীক বিষয়টো অৱগত কৰে ৷ ত্রিপুৰাৰ উপ–মুখ্যমন্ত্রী জিষু দেৱ বার্মাই অসমৰ বিত্ত তথা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক টেলিফোনযোগে বিষয়টো অৱগত কৰে ৷ ইয়াৰ পিছতে ড০ শর্মাই তেজপুৰৰ যুৱক তথা বিজেপি কৰ্মী সুৰজিৎ ডেকাক লোককেইজনক সহায় কৰিবলৈ নির্দেশ দিয়ে ৷ সেইমর্মে তেওঁ লোককেইজনক কিছু আর্থিক সাহায্য আগবঢ়ায়৷ একেদৰে ড০ শর্মাৰ আহ্বানমর্মে শোণিতপুৰ জিলা বিজেপিৰ সভাপতি তুলসী বৰঠাকুৰৰ নেতৃত্বত এটি সঁজাতী দলে যুৱককেইগৰাকীক সাক্ষাৎ কৰি আর্থিক অনুদান আগবঢ়োৱাৰ লগতে খাদ্য সামগ্রীও যোগান ধৰে৷ এইদৰে বহিঃৰাজ্যৰ লোকসকলে অসমত সম্পূর্ণৰূপে নিৰাপদ আৰু নির্বিঘ্নে থকাৰ সুবিধা লাভ কৰিছে ৷