নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যোগীঘোপা–বগৰীবাৰীত বিধ্বংসী অগ্নিকাণ্ডত সর্বহাৰা হ’ল ৯টা পৰিয়াল

নিয়মীয়া বার্তা,৩০ এপ্রিলঃ বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তর্গত ভৰালকুণ্ডী অষ্টম খণ্ড গাঁৱত বুধবাৰে দুপৰীয়া ১২.৩০ বজাত এটা ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয় ৷ জানিব পৰা মতে, ভৰালকুণ্ডী অষ্টম খণ্ড গাঁৱৰ চুলতান আলীৰ ঘৰত দুপৰীয়া হঠাৎ অগ্নিকাণ্ডটো সংঘটিত হয় ৷ জুই মুহূর্তৰ ভিতৰতে কাষতে থকা আন তিনিটা বাসগৃহলৈ বিয়পি পৰে ৷ অগ্নিকাণ্ডত বাসগৃহৰ ভিতৰত থকা এটি গেছৰ চিলিণ্ডাৰ বিস্ফোৰণ হৈ প্রায় ২০০ মিটাৰ দূৰত ছিটিকি পৰে ৷ স্থানীয় ৰাইজে যোগীঘোপা আৰক্ষীক খবৰ দিয়ে৷ খবৰ পোৱা মাত্রেই যোগীঘোপা আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ দুখন বাহন ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নির্বাপণ কৰিবলৈ সক্ষম হয় ৷ অগ্নিকাণ্ডত নথিপত্র, আচবাবৰ লগতে ৪টাকৈ বাসগৃহ নিমিষতে সম্পূর্ণৰূপে ভস্মীভূত হয়৷ অগ্নিকাণ্ডত পাঁচ লক্ষাধিক টকাৰ ক্ষতি হয় বুলি পৰিয়ালৰ লোকে জনাইছে ৷ ইফালে, যোৱানিশা প্রায় ৯.৩০ বজাত ধুবুৰী জিলাৰ বগৰীবাৰীৰ আটানী ৰাজহ চক্রৰ অন্তর্গত গুটিপাৰা ষষ্ঠ খণ্ড গাঁৱত ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হৈ পাঁচটা পৰিয়ালৰ ঘৰ–বাৰী ভস্মীভূত হয় ৷ জানিব পৰা মতে, উক্ত গাঁওখনত ছাকিম উদ্দিনৰ ঘৰত হঠাৎ জুই লাগি ওচৰতে থকা এনতাজ আলী, মহৰ আলী, সাহাৰ আলী আৰু আজিম উদ্দিনৰ ঘৰলৈ বিয়পি পৰাৰ ফলত আটাইকেইটা পৰিয়ালৰ ঘৰ জুইত পুৰি ছাই হয় ৷ অগ্নিকাণ্ডৰ ফলত পৰিয়ালকেইটাৰ ঘৰত থকা ধান, মৰাপাট, মাটিমাহ, সৰিয়হ আদিৰ লগতে মাটিৰ কাগজ–পত্র আদি পুৰি ছাই হয় ৷ পাছত স্থানীয় ৰাইজে জুই নুমাবলৈ সক্ষম হয় ৷ এই অগ্নিকাণ্ডত পৰিয়ালকেইটাৰ প্রায় পোন্ধৰ লাখ টকা ক্ষতি হোৱা বুলি অনুমান কৰা হৈছে৷ ঘটনা সংক্রান্তত স্থানীয় আৰক্ষীয়ে তদন্ত কৰা বুলি জনা গৈছে ৷

You might also like