ক’ৰোনা প্রতিৰোধত ব্যর্থ ট্রাম্পক লাগে ক্ষতিপূৰণ
নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ চীনৰ য়ুহানৰ পৰীক্ষাগাৰৰ পৰা ক’ৰোনা ভাইৰাছৰ বিশ্বজুৰি বিস্তাৰ ঘটা বুলি অভিযোগ তুলি আমেৰিকাই বেইজিং প্রশাসনৰ পৰা ক্ষতিপূৰণ দাবী কৰি আছে৷ আমেৰিকাৰ এই দাবীৰ সৈতে কণ্ঠস্বৰ মিলাইছে ইউৰোপৰ কেইবাখনো দেশে৷ ক’ৰোনা ভাইৰাছ মহামাৰীৰ জৰিয়তে বিশ্বৰ ১৮৪খন দেশৰ অর্থনীতি ধ্বংস কৰা বুলি অভিযোগ আনিছে মার্কিন ৰাষ্ট্রপতি ট্রাম্পে৷ চীনৰ বাবেই আজি বিশ্বৰ এই দেশবোৰ সংকটৰ সন্মুখীন হোৱা বুলি ৱাশ্বিংটনে অভিযোগ কৰাৰ পাছতেই চীনে এই অভিযোগক গৰিহণা দি তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে৷ আমেৰিকান ৰাজনীতিকসকলে সমস্বৰে মিছা অভিযোগ অনা বুলি উল্লেখ কৰিছে চীনৰ বিদেশ মন্ত্রালয়ৰ মুখপাত্র গেং ছুৱাঙে৷ শেহতীয়াকৈ এক সংবাদ মেলত মুখপাত্রগৰাকীয়ে উল্লেখ কৰিছে যে আমেৰিকাই এই মহাসংকটৰ সময়ত চীনৰ বিৰুদ্ধে অনা অভিযোগৰ অন্তৰালত নিহিত হৈ আছে গভীৰ ষড়যন্ত্র৷ ইফালে ছিডনীৰ ল’ৰী প্রতিষ্ঠানৰ চীনা বিশ্লেষক ৰিচার্ড মেক্গ্রেগৰে উল্লেখ কৰিছে যে আমেৰিকাই যিমানেই ক’ৰোনা ভাইৰাছক কেন্দ্র কৰি চীনৰ বিৰুদ্ধে অভিযোগ আনিছে, সিমানেই বেইজিং প্রশাসনৰ এই অভিযোগ প্রত্যাখ্যানৰ স্থিতি সবল হৈছে৷ য়ুহানত প্রাৰম্ভিক অৱস্থাতে ক’ৰোনা ভাইৰাছৰ সংক্রমণত প্রতিৰোধ লগাবলৈ বেইজিং প্রশাসনে সমস্ত শক্তি প্রয়োগ কৰা বুলি বিশ্লেষকগৰাকীয়ে উল্লেখ কৰাৰ উপৰি পৰৱর্তী সময়ত চীনে বিশ্বত ভাইৰাছবিধৰ সংক্রমণত প্রতিৰোধ লগোৱাৰ ক্ষেত্রত গ্রহণ কৰা ভূমিকাক প্রশংসা কৰিছে৷ চীনে বর্তমান মুহূর্তত বিশ্বৰ বিভিন্ন দেশত ক’ৰোনা প্রতিৰোধী ব্যৱস্থা যিধৰণে গ্রহণ কৰিছে, সেই কাম আমেৰিকাই কৰি দেখুৱাব পৰা নাই বুলিও মেক্গ্রেগ’ৰে উল্লেখ কৰিছে৷ বিশ্লেষকগৰাকীৰ মতে, ক’ৰোনা প্রতিৰোধত বিফল হোৱা বাবেই ৱাশ্বিংটন প্রশাসনে সঘনে চীনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি আহিছে৷