লকডাউনত বহিঃৰাজ্যত আবদ্ধ শ্রমিক শিক্ষার্থী–পর্যটক যাব পাৰিব নিজ ৰাজ্যলৈ
নিয়মীয়া বাৰ্তা ৩০ এপ্ৰিলঃ কেন্দ্রীয় চৰকাৰে চর্ত সাপেক্ষে প্রব্রজিত শ্রমিক, ছাত্র–ছাত্রী, পর্যটক বা তীর্থযাত্রীসকলক আন ৰাজ্যলৈ ভ্রমণ কৰাৰ ক্ষেত্রত অনুমোদন দিছে৷ কিন্তু তেওঁলোকৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ যে লক্ষণ নাই, সেইটো নিশ্চিত হ’ব লাগিব৷ এই উদ্দেশ্যে কেন্দ্রীয় চৰকাৰে গাইডলাইন প্রস্তুত কৰি লকডাউন শেষ হোৱাৰ এসপ্তাহ পূর্বে ৰাজ্য চৰকাৰসমূহক প্রদান কৰিছে৷ ৰাজ্যসমূহক ন’ডেল কমিটী তৈয়াৰ কৰিবলৈ পৰামর্শ আগবঢ়াইছে গৃহ মন্ত্রালয়ে৷ নির্দেশনাটোত কোৱা হৈছে যে ভ্রমণ কৰিব বিচৰা ব্যক্তিসকলৰ স্ক্রীনিং কৰা হ’ব আৰু যিসকলৰ কোনো ক’ৰোনা ভাইৰাছৰ লক্ষণ নাথাকে, তেওঁলোকক যাত্রা কৰাৰ অনুমতি প্রদান কৰা হ’ব৷ উল্লেখ্য যে দেশজোৰা লকডাউনৰ ৫ সপ্তাহৰ পাছত এই নির্দেশনা জাৰি কৰাত দেশৰ বিভিন্ন স্থানত হাজাৰ হাজাৰ প্রব্রজিত লোক নিজ নিজ ৰাজ্যলৈ যোৱাৰ সুযোগ লাভ কৰিলে৷ ইতিমধ্যে কেন্দ্রই হাৰিয়ানাৰ পৰা ১২ হাজাৰ প্রব্রজিত লোকক উত্তৰ প্রদেশলৈ আনিবলৈ অনুমতি দিছে৷ মুখ্যমন্ত্রী যোগী আদিত্যনাথে ৰাজস্থানৰ কোটাকে ধৰি বিভিন্ন অঞ্চলত থকা ছাত্র–ছাত্রীসকলকো ঘূৰাই অনাৰ পৰিকল্পনা কৰিছে৷ নির্দেশনাটোত এই কথা স্পষ্ট কৰি দিয়া হৈছে যে নিজ স্থানলৈ অহাৰ পাছত লোকসকল ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন হৈ থাকিব লাগিব৷ আন্তঃৰাজ্যিক ভ্রমণৰ ক্ষেত্রত বাছৰ যোগান ধৰা হ’ব আৰু ছেনিটাইজিঙৰ লগতে সামাজিক দূৰত্ব মানি ভ্রমণ কৰিব লাগিব৷
হায়দৰাবাদত বেতনৰ দাবীত বিক্ষোভ, শ্রমিকৰ হাতত আক্রান্ত স্বত্বাধিকাৰী–আৰক্ষী
বেতন দিয়ক আৰু ঘৰলৈ যোৱাৰ সুবিধা কৰি দিয়ক– এই দাবীৰে হায়দৰাবাদত সহস্রাধিক শ্রমিকে হিংসাত্মক পৰিস্থিতি সৃষ্টি কৰে৷ আই আই টি, হায়দৰাবাদৰ কাষত থকা এক নির্মাণ ক্ষেত্রত নির্মাণ সংস্থাৰ প্রব্রজিত শ্রমিকসকলে এই দুটা দাবীত বিক্ষোভ প্রদর্শন কৰে৷ আন্দোলনে হিংসাত্মক ৰূপ লোৱাত এজন আৰক্ষী জোৱান আহত হয়৷ হায়দৰাবাদ আৰক্ষীৰ এক সূত্র মতে, বিক্ষোভৰত শ্রমিকসকলে সেই নির্মাণকার্যৰ লগত জড়িত বিষয়াসকলৰ ওপৰত আক্রমণ চলায় আৰু আৰক্ষীৰ গাড়ীলৈ লক্ষ্য কৰি শিলাবর্ষণ কৰি বহু সামগ্রী ভাঙি পেলায়৷ সেই নির্মাণ ক্ষেত্রত কাম কৰা প্রায় ২,৬০০ শ্রমিকৰ অভিযোগ– যোৱা দুটা মাহত সকলো কাম বন্ধ থকাত বেতন লাভ কৰা নাই৷ জানিব পৰা মতে, এই শ্রমিকসকলৰ অধিকাংশই বিহাৰ আৰু মধ্যপ্রদেশৰ বাসিন্দা৷ উল্লেখ্য যে তেওঁলোকৰ থকা–খোৱা আৰু অন্যান্য সকলো ব্যৱস্থা কৰিছে জিলা প্রশাসনে৷ ইতিমধ্যে ৰাজ্য চৰকাৰৰ সূত্রত জানিবলৈ দিয়া মতে, লকডাউন চুক্তিৰ ভিত্তিত নিয়োগ কৰা শ্রমিকসকলৰ মার্চ আৰু এপ্রিল মাহত বেতন দিয়া হ’ব৷ আজিৰ ঘটনাত এজন আৰক্ষীৰ জোৱান আহত হ’লেও মানৱীয়ভাৱে এই আন্দোলন বন্ধ কৰাৰ উদ্যোগ লৈছে হায়দৰাবাদ আৰক্ষীয়ে৷ নির্মাণ সংস্থাটোৱে ২৪ ঘণ্টাৰ ভিতৰত পাব লগা বেতন পৰিশোধৰ প্রতিশ্রুতি দিয়াত শ্রমিকসকলে বন্ধ কৰে বিক্ষোভ কার্যসূচী