বামুণীগাঁৱৰ বগাই খাচ পাহাৰত বনধ্বংসঃ কাণসাৰ নাই বনবিভাগৰ
নিয়মীয়া বাৰ্তা, ১ মেঃ লকডাউনৰ সময়ছোৱাতে কামৰূপ জিলাৰ পশ্চিম কামৰূপ বন সংমণ্ডলৰ অন্তর্গত তথা বামুণীগাঁও বনাঞ্চলিক কার্যালয়ৰ অধীনস্থ বিভিন্ন এলেকাত বনধ্বংস অভিযানৰ লগতে সমানে সমানে চলি আছে চোৰাং কাঠৰ ৰমৰমীয়া ব্যৱসায়৷
প্রাপ্ত খবৰ অনুসৰি, বামুণীগাঁও বনাঞ্চলিক কার্যালয়ৰ অধীনস্থ তথা লামপাৰা খণ্ড বন বিষয়া কার্যালয়ৰ এলেকাত অবাধ হাৰত কাটি থকা হৈছে মূল্যৱান শাল আৰু চেগুণ গছ৷ একাংশ লোকে অভিযোগ কৰা মতে লামপাৰা খণ্ড বন বিষয়াৰ কার্যালয়ৰ পৰা প্রায় আধা কিলোমিটাৰ দূৰত অৱস্থিত বগাই খাচ পাহাৰখনত দীর্ঘদীন ধৰি চোৰাং বেপাৰীয়ে মূল্যৱান শাল আৰু চেগুণ গছসমূহ কাটি নিশাৰ ভিতৰতেই গাডীৰে আন ঠাইলৈ চালান দি আছে৷ চোৰাং কাঠ বেপাৰীয়ে বামুণীগাঁও বনাঞ্চলিক কার্যালয় আৰু লামপাৰা খণ্ড বন বিষয়াৰ গোপন বুজাবুজিৰে দীর্ঘদিন ধৰি উক্ত পাহাৰখনৰ পৰা মূল্যৱান গছসমূহ কাটি নি আন ঠাইত কুণ্ডা সমূহ বিক্রী কৰি আছে৷পৰহি নিশা চোৰাং বেপাৰীয়ে ৰাষ্ট্রীয় ঘাইপথৰ ওচৰতে থকা কেইবাডালো শাল আৰু চেগুণ গছ কাটি নিয়ে৷
স্থানীয় লোকে জনোৱা মতে, নিশা ঘাইপথৰ ওপৰত পাহাৰৰ ওপৰৰ পৰা কটা গছৰ টুকুৰাবোৰ কাটি পেলাই দি ট্ৰাকেৰে আন ঠাইলৈ লৈ যায়৷ তাৎপর্যপূর্ণ কথা এয়ে যে ঘাইপথৰ কাষতে থকা লামপাৰা খণ্ড বন বিষয়াৰ কার্যালয়ৰ কাষৰে যোৱা লামপাৰা জামবাৰী পথটোৰেই চোৰাং বেপাৰীসকলে পাৰাপাৰ কৰে চোৰাং কাঠসমূহ৷ চোৰাং কাঠ বেপাৰীসকলৰ পৰা কার্যালয়টোৱে এক বুজন পৰিমাণৰ ধন লাভ কৰে বুলিও জানিব পৰা গৈছে৷ ঘাইপথৰ কাষৰ পাহাৰ এখনকে যদি বামুণীগাঁও বন বিভাগে ৰক্ষা কৰিব নোৱাৰে তেন্তে ভিতৰুৱা অঞ্চলৰ গছবোৰ কেনেকৈ ৰক্ষা কৰিব বুলি প্রশ্ন উত্থাপন হৈছে৷
লকডাউনৰ বাবে জৰুৰী সেৱাৰ বাহিৰে প্রায় কাম–কাজ বন্ধ হৈ আছে সেই সময়ত ৰাষ্ট্রীয় ঘাইপথৰ দদাতিৰ পৰা কিদৰে মূল্যৱান গছসমূহ চোৰাং বেপাৰীয়ে কাটি নিবলৈ সাহস কৰিলে যদিহে এইক্ষেত্রত চোৰাং বেপাৰীৰ সৈতে বন বিভাগৰ গোপন বুজাবুজি নাই৷ এই লোকসকলৰ বিৰুদ্ধে বনমন্ত্রীয়ে কিবাব্যৱস্থা গ্রহণ কৰিবলৈ সক্ষম হ’বনে সেয়া সময়তহে হ’ব লক্ষণীয়৷