ক’ভিড–১৯ৰ প্রভাৱঃ অভিলেখ পৰিমাণৰ কার্বন নির্গমন হ্রাস
নিয়মীয়া বাৰ্তা, ২মেঃ মহামাৰী ক’ভিড–১৯ৰ বাবে আন্তর্জাতিক শক্তি সম্পর্কীয় কার্বন নির্গমন অভিলেখ পৰিমাণ প্রায় ৮ শতাংশ নিম্নগামী হৈছে৷ আন্তর্জাতিক শক্তি সংস্থাই প্রকাশ কৰা নতুন প্রতিবেদন মতে, চলিত বর্ষত বিদ্যুৎ সম্পর্কীয় কার্বন নির্গমনৰ পৰিমাণ প্রায় ৮ শতাংশ হ্রাস পাইছে৷ ইয়াৰ কাৰণ হিচাপে ক’ভিড–১৯ৰ প্রভাৱৰ বাবে বিদ্যুতৰ চাহিদা জড়িত হৈ আছে৷ প্রতিবেদনৰ তথ্য মতে, নবীকৰণ বিদ্যুতৰ বাহিৰে সকলো ইন্ধনৰ চাহিদা অভিলেখ পৰিমাণে হ্রাস পাই আছে৷ পৰিণতিত কার্বন–ডাই–ক্সাইডৰ্ নির্গমন হ্রাস পাইছে৷ উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ২০০৮ চনৰ বিত্তীয় সংকটৰ সময়ত হ্রাস পোৱা কার্বন নির্গমনতকৈ ৬ শতাংশতকৈ অধিক নিম্নগামী হৈছে৷ কার্বনৰ নির্গমন হ্রাস পোৱাটো প্রকৃতিৰ বাবে শুভ বার্তা যদিও বিশ্বৰ অর্থনীতিৰ বাবে শুভ লক্ষণ নহয়৷