একেলগে জে’ললৈ ভিনিহী–খুলশালি
নিয়মীয়া বাৰ্তা, ২মেঃ শোণিতপুৰ জিলাৰ মিছামাৰী থানাৰ অন্তর্গত বনগাঁও বলামগুৰি নিৱাসী মণ্টু মুছাহাৰী আৰু কালামাটি কার্কি চেণ্টাৰৰ বাসিন্দা শৰৎ সিং বসুমতাৰী নামৰ দুজনকৈ লোক ধর্ম সম্পর্কীয় আৰু লকডাউন অৱমাননা গোচৰত জে’ল–হাজোতলৈ যাবলগীয়া হয়৷ মণ্টু মুছাহাৰী বাথৌ ধর্মৰ লোক আছিল, গতিকে ঘৰৰ চোতালৰ কাষত সিজুগছ স্থাপন কৰি দৈনিক পূজা–র্চনা কৰি আছিল৷ মণ্টু মছাহাৰী আৰু শৰৎ সিং বসুমতাৰী দুয়ো সম্পর্কত ভিনিহী–খুলশালি৷ গতিকে নিজৰ বেমাৰটোৰ পৰা ৰক্ষা পাবলৈ মণ্টু মুছাহাৰীয়ে খুলশালি আৰু লগৰবোৰৰ কথাত পতিয়ন গৈ খ্রীষ্টান ধর্ম ল’বলৈ সাজু হয়৷ সকলোৱে মিলি মণ্টু মুছাহাৰীৰ ঘৰৰ বাথৌৰ থাপনাত থকা সিজু গছজোপা খান্দি উলিয়াই আনকি গছজোপা ঘৰৰ পৰা কিছু নিলগত জ্বলাই পেলাই দিয়ে৷ ২৬ এপ্রিলৰ দিনা সংঘটিত এই ঘটনাৰ পিছতে বিষয়টো তডিৎ গতিত চৌদিশে বিয়পি পৰে আৰু বাথৌ ধর্মৰ লোকসকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি হয়৷ ঘটনা সন্দর্ভত বলামগুৰি গাঁও বাথৌ মহাসভাৰ সভাপতি প্রদীপ বসুমতাৰীৰ দ্বাৰা ২৮ তাৰিখে মিছামাৰী থানাত উক্ত ঘটনা সন্দর্ভত এখন এজাহাৰ দাখিল কৰে৷ মিছামাৰী থানাৰ ভাৰপ্রাপ্ত বিষয়া জয়শংকৰ ওৱাৰীয়ে এজাহাৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীলৈ ৰাওনা হয় আৰু বিষয়টোৰ তদন্তক্রমে গোচৰ ৰুজু কৰাৰ লগতে ধর্মোন্মাদ আৰু লকডাউন অৱমাননা কৰাৰ সন্দর্ভত মণ্টু মুছাহাৰী আৰু শৰৎ সিং বসুমতাৰীক গ্রেপ্তাৰ কৰি ইতিমধ্যে জে’ল–হাজোতলৈ প্রেৰণ কৰিছে৷