নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰয়োজন হ’লে গাহৰিবোৰ মাৰি পেলাব লাগিবঃ মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা ২ মেঃ অসমত গাহৰিৰ অস্বাভাৱিক মৃত্যুৰ কাৰণ চিনাক্ত কৰা হৈছে। ভূপালৰ লেবত নিশ্চিত হৈছে যে গাহৰিৰ মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ। এতিয়ালৈকে আফ্ৰিকান ছোৱাইন ফিভাৰৰ কোনো ভেকচিন-ঔষধ নাই। আনহাতে ৰেনডম টেষ্ট কৰা হ’ব গাহৰিৰ। প্ৰয়োজনসাপেক্ষে ৭ জিলাত কিছু গাহৰি মৰাৰ সিদ্ধাত ল’ব পাৰে চৰকাৰে। কিছুমান গাহৰি কোৱাৰেণ্টাইন কৰা হ’ব।
আজি মন্ত্ৰী অতুল বৰাই সংবাদ মাধ্যমৰ আগত কয় যে পূৰ্বে এনে বেমাৰ ভাৰতবৰ্ষত হোৱা নাছিল। প্ৰথমে গাহৰিৰ বেমাৰ অৰুণাচলত হৈছিল তাৰ পিছতে অসমৰ জোনাইত দেখা দিছিল এই আফ্ৰিকান ছোৱাইন  ফিভাৰ।
উল্লেখ্য যে উজনি অসমৰ কেইবাখনো জিলাত গাহৰিৰ অস্বাভাৱিক হাৰত মৃত্যু হৈছিল। যাৰ পৰিপেক্ষিতত ভূপালৰ লেব লৈ গাহৰিৰ তেজুৰ নমুনা পঠিওৱা হৈছিল। আজি ভূপালৰ লেবৰ পৰা নিশ্চিত হ’ল যে অসমত গাহৰিৰ মৃত্যুৰ কাৰণ আফ্ৰিকান ছোৱাইন ফিভাৰ।

You might also like