নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংকটত শুৱালকুছিৰ পাট–মুগা বস্ত্রশিল্প উদ্যোগ

উৎপাদিত কাপোৰ বিক্রী কৰিব নোৱাৰি মূৰে–কপালে হাত দিছে শিপিনীযে

নিয়মীয়া বাৰ্তা, ২ মেঃ বিশ্ব বিনন্দীয়া শুৱালকুছিৰ পাট–মুগাৰ বস্ত্রশিল্প৷ ছাঁতে শুকোৱা মুঠিতে লুকোৱা ঐতিহ্যমণ্ডিত বস্ত্রশিল্প আজি ভয়ংকৰ সংকটৰ দিশে অগ্রসৰ হৈছে৷ মহামানৱ মহাত্মা গান্ধী আৰু এপিজে আব্দুল কালামৰ আশীর্বাদপুষ্ট শুৱালকুছিৰ বস্ত্রশিল্প বর্তমান মৃত্যুৰ দুৱাৰডলিত৷ কোনোদিনে নভবা–নিচিন্তা এক জটিল সমস্যাৰ সন্মুখীন হৈ শুৱালকুছিৰ শিপিনীয়ে দিক–বিদিক হেৰুৱাই পেলোৱাৰ উপক্রম হৈছে৷ অসমৰ স্বাভিমান হিচাপে পৰিচিত শুৱালকুছিৰ বস্ত্রশিল্পৰ হাজাৰ হাজাৰ থলুৱা শিপিনী আজি কর্মহীন হৈ পৰিছে৷ বিভিন্ন সমস্যাত দীর্ঘদিন ধৰি ককবকাই থকা ঐতিহ্যমণ্ডিত বস্ত্রশিল্পলৈ লকডাউনে কঢ়িয়াই আনিছে এক অশনি সংকেট৷ প্রতি বছৰে শুৱালকুছিৰ পাট–মুগা আৰু তচ কাপোৰৰ ব্যৱসায়ৰ অতি উত্তম সময়খিনিয়ে হ’ল ফ্রেব্রুৱাৰী মাহৰ পৰা জুন মাহলৈকে৷

এই সময়খিনিতে অসমীয়া মানুহৰ বিবাহকে ধৰি বিভিন্ন শুভ অনুষ্ঠানসমূহ অনুষ্ঠিত হয়৷ শুৱালকুছিৰ কাপোৰৰ লগত বিবাহৰ এক ওতপ্রোত সম্পর্ক আছে৷ যিমানে বিবাহ অনুষ্ঠিত হয়, সিমানে পাট–মুগাৰ কাপোৰ বিক্রী হয়৷ আকৌ ব’হাগ মাহত অসমীয়া মানুহৰ নতুন বছৰ৷ নতুন বছৰত নতুন সাজ লোৱাৰ সকলোৰে হেঁপাহ থাকে৷ এই সময়ৰ আগতে শুৱালকুছিৰ শিপিনীসকলে মাত্রাধিক ধৰণে কাপোৰ উৎপাদন কৰি অসমৰ বিভিন্ন প্রন্তত থকা পাট–মুগা কাপোৰৰ বিপণীসমূহৰ জৰিয়তে সমগ্র অসমত বিক্রীৰ বাবে সাজু হয়৷ এইবাৰো তাৰ ব্যতিক্রম হোৱা নাই৷ শুৱালকুছিৰ শিপিনীয়ে সপোনতো ভবা নাছিল যে ক’ৰোনা ভাইৰাছ নামৰ মহামাৰীয়ে শুৱালকুছিৰ শিপিনীৰ সকলো সপোন ভাঙি চূৰমাৰ কৰি দিব৷ বিগত এমাহৰ ওপৰ কাল দেশ–ৰাজ্যত চলি থকা লকডাউনৰ বাবে অসমৰ বিভিন্ন প্রান্তৰ ব্যৱসায়ীসকলে শুৱালকুছিৰ পৰা এযোৰ কাপোৰো বিক্রীৰ বাবে কিনিবলৈ আহিব নোৱাৰাত উৎপাদিত কাপোৰবোৰ শিপিনীৰ ঘৰতে জমা হৈ আছে৷ ফলত মূলধনৰ অভাৱত ভোগা শিপিনীসকলে মূৰে–কপালে হাত দি কি উপায়েৰে উৎপাদিত কাপোৰ বিক্রী কৰিব পাৰি তাৰ চিন্তাত দুর্ভোগ ভুগিছে৷ শিপিনীসকলৰ এনে দুর্যোগৰ সময়ত এষাৰ মাত দিবলৈ আগবাঢ়ি আহিছে সদৌ অসম ছাত্র সন্থা৷ সদৌ অসম ছাত্র সন্থাৰ এটা সঁজাতী দলে শুৱালকুছিত উপস্থিত হৈ শিপিনীসকলৰ দুখ–দুর্গতিৰ খবৰ লয়৷

সামাজিক দূৰত্ব বজাই ৰাখি আছুৰ সহকাৰী সম্পাদক প্রকাশ দাসে এই অভাৱনীয় পৰিস্থিতিত শিপিনীসকলক লগ কৰি এই দুর্যোগৰ সময়ত সকলোকে ধৈর্য ধৰি থাকিবলৈ আহ্বান জনায়৷ তেওঁ শিপিনীসকলৰ মূল সমস্যা সন্দর্ভত কিছু শিপিনীৰ পৰা মতামত গ্রহণ কৰি সমস্যাটি কিদৰে সমাধান কৰিব পাৰি সেই সন্দর্ভতো বুজ লয়৷ অসম আৰু অসমীয়াৰ স্বাভিমান শুৱালকুছিৰ বস্ত্রশিল্প যিকোনো কাৰণতে মৃত্যুৰ দিশলৈ ঠেলি দিব নোৱাৰি বুলি উল্লেখ কৰি তেওঁ এই সমস্যাৰ তাৎক্ষণিক সমাধান উলিয়াবলৈ ৰাজ্যৰ হস্ততাঁত বস্ত্রশিল্প বিভাগক উচিত পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ শুৱালকুছিৰ সাংবাদিকসকলৰ আগত ছাত্রনেতাগৰাকীয়ে জানিবলৈ দিয়া মতে, ইতিমধ্যে অসমৰ মুখ্যমন্ত্রীক এখন স্মাৰক–পত্রৰ জৰিয়তে বিষয়টো অৱগত কৰা হৈছে৷ শিল্পটো জীয়াই ৰাখিবলৈ হ’লে অসম চৰকাৰে এইবাৰৰ বাজেটত শুৱালকুছিৰ বস্ত্রশিল্পৰ বাবে ধার্য কৰা দহ কোটি টকা ক’ৰোনা ভাইৰাছ প্রতিৰোধৰ বাবে কর্টন নকৰি শুৱালকুছিৰ বস্ত্রশিল্প ৰক্ষাৰ নামত খৰচ কৰাৰ বাবে অনুৰোধ জনোৱাৰ লগতে কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰক দুর্যোগৰ সময়ত শুৱালকুছিৰ ঐতিহ্যমণ্ডিত বস্ত্রশিল্পক জীৱন দান কৰিবলৈ কমেও এশ কোটি টকাৰ এক বিশেষ পেকেজ ঘোষণা কৰিবলৈ দাবী জনায়৷

ইয়াৰ উপৰি শুৱালকুছিৰ বহুত শিপিনী অর্থৰ অভাৱত বিভিন্ন দুর্যোগৰ সন্মুখীন হৈ আছে৷ এনে শিপিনীসকলক তাৎক্ষণিকভাৱে চৰকাৰে সহায় আগবঢ়াক৷ চৰকাৰে এন এইচ ডি চি আৰু আর্টফেডৰ জৰিয়তে শুৱালকুছিৰ শিপিনীক ৫০ শতাংশ ৰেহাই মূল্যত পাট সূতা যোগান ধৰক৷ শুৱালকুছিৰ উৎপাদিত কাপোৰসমূহ চৰকাৰে উচিত মূল্যত বিক্রী কৰাৰ ব্যৱস্থা কৰক৷ শুৱালকুছিৰ চৰকাৰৰ দ্বাৰা পঞ্জীয়নভুক্ত সোতৰখন সমবায় প্রতিষ্ঠানে দুখীয়–দৰিদ্র শিপিনীসকলক পার্যমানে সহায় কৰক৷ শুৱালকুছিৰ শিপিনীসকলৰ মনৰ দুখৰ সমভাগি হ’বলৈ ৰাজ্যৰ হস্ততাঁত বস্ত্রশিল্প বিভাগে কার্যসূচী যুগুত কৰক৷ এই আহ্বান আছুৰ৷ ছাত্র সন্থাৰ দলটিত কামৰূপ জিলা ছাত্র সন্থাৰ সভাপতি দিবাকৰ কলিতা, সাংগঠনিক সম্পাদক দীপাংকৰ শর্মা আৰু শুৱালকুছি আছুৰ কর্মকর্তাসকল উপস্থিত থাকে৷ এনে সংকটৰ সময়ত আছুৰ কর্মকর্তাসকল শুৱালকুছিৰ শিপিনীৰ ওচৰত থিয় দিয়াত ইয়াৰ শিপিনীসকলে ছাত্র সন্থাক ধন্যবাদ জ্ঞাপন কৰে৷

You might also like