নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাঘাটত সক্রিয় চোৰাং ব্যৱসায়ী চক্রৰ নেটৱর্ক

নগৰৰ মাজমজিয়াত গুট্খা–ধঁপাতজাতীয় সামগ্রীৰ বিশাল ভাণ্ডাৰ

নিয়মীয়া বাৰ্তা, ২ মেঃ  চৰকাৰে গুট্খা, ধঁপাতজাতীয় সামগ্রীৰ প্রচলন নিষিদ্ধ কৰি ৰাখিছে যদিও গোলাঘাট নগৰত এক কুখ্যাত মাফিয়া চক্রই এনে চোৰাং বেহা নির্বিবাদে অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উঠিছে৷ এনে চোৰাং বেহাৰ সন্দর্ভত গোলাঘাট সদৰৰ সাংবাদিক সমীৰণ দিগন্ত বৰাই তথ্যসহ জিলা উপায়ুক্তক লিখিত অভিযোগ দাখিল কৰাৰ পাছত উপায়ুক্ত বিভাস চন্দ্র মোদীৰ নির্দেশত আৰক্ষীয়ে গোলাঘাট নগৰত অভিযান আৰম্ভ কৰিছে৷ গোলাঘাট সদৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া দীপক বৰাৰ নেতৃত্বত আৰক্ষীয়ে কালি অভিযান চলাই গোলাঘাট নগৰৰ শ্রীমন্ত নগৰ কমলেশ গুপ্তাৰ ঘৰত মজুত কৰি ৰখা বৃহৎ পৰিমাণৰ ধঁপাত, গুট্খাজাতীয় সামগ্রী জব্দ কৰে৷ ইয়াৰ উপৰি অভিযানত আৰক্ষীয়ে  নিখিলেশ চৌৰাচিয়াৰ ঘৰৰ পৰাও উদ্ধাৰ কৰে লক্ষাধিক টকাৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ জর্দা৷

আৰক্ষীয়ে ইতিমধ্যে কমলেশ গুপ্তা আৰু নিখিলেশ চৌৰাচিয়াক গ্রেপ্তাৰ কৰিছে৷ ইফালে গোলাঘাট নগৰৰ মাজমজিয়াৰ পাইকাৰী ব্যৱসায়িক প্রতিষ্ঠান দুর্গেশ ভাণ্ডাৰৰ স্বত্বাধিকাৰী দুর্গেশ গুপ্তাৰ গোলাঘাট নগৰৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চোৰাং গুট্খা জব্দ কৰে৷ অৱশ্যে দুর্গেশ গুপ্তাক আৰক্ষীয়ে গ্রেপ্তাৰ কৰাত ব্যর্থ হয়৷ তেওঁ বর্তমান পলাতক৷ গুট্খাৰ চোৰাং ব্যৱসায়ত জডিত থকাৰ অভিযোগৰ লগতে ঘৰত গুট্খাৰ চোৰাং গুদাম থকাৰ তথ্যৰ ভিত্তিত গোলাঘাট নগৰৰ সমীপৰ তেতেলীতল অঞ্চলৰ আবু আহমেদৰ ঘৰতো আৰক্ষীয়ে অভিযান চলায়৷ অৱশ্যে তেওঁৰ ঘৰৰ পৰা চোৰাং গুট্খা উদ্ধাৰ হোৱা নাই৷

উল্লেখ্য যে গোলাঘাট নগৰত অবৈধ গুট্খা আৰু ধঁপাতজাতীয় সামগ্রীৰ চোৰাং ব্যৱসায়ী চক্র সক্রিয় হৈ পৰি ৰমৰমীয়া বেহা চলাই যোৱাৰ গুৰুতৰ অভিযোগ উঠিছে৷ আনকি গোলাঘাট নগৰৰ মাজমজিয়াৰ আৰক্ষীৰ নাকৰ তলতে গুট্খা আৰু ধঁপাতজাতীয় সামগ্রীৰ চোৰাং বিশাল ভঁৰাল প্রতিষ্ঠা কৰি সমগ্র জিলাখনতে বিশাল নেটৱর্ক গঢ়ি তুলিছে যদিও অদ্যাপি তেনে কুখ্যাত প্রভাৱশালী চক্রৰ আৰক্ষী এতিয়াও কাষ চাপিব  পৰা নাই৷ অৱশ্যে নগৰখনত গুট্খা, ধঁপাত জাতীয় সামগ্রীৰ বিশাল ভঁৰাল থকাৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ  পাছত চোৰাং ব্যৱসায়ী চক্রই পৰিত্রাণৰ বাট বিচাৰি বিভিন্ন কৌশল আৰু মেনেজত উঠিপৰি লগাৰ বিষয়টো ৰাইজৰ মাজত বিশেষভাৱে চর্চিত হৈছে৷

গোলাঘাট নগৰৰ মাজমজিয়াত গুট্খা, ধঁপাত জাতীয় সামগ্রীৰ বৃহৎ চোৰাং গুদাম থকাৰ তথ্য সন্দর্ভত গোলাঘাট জিলাৰ উপায়ুক্ত আৰু আৰক্ষী বিভাগৰ ঊর্ধ্বতন কর্তৃপক্ষক ৰাইজে অৱগত কৰিছে যদিও বর্তমানলৈকে নগৰৰ মাজমজিয়াত থকা চোৰাং গুদামত আৰক্ষীয়ে অভিযান চলোৱাৰ অৱকাশ হোৱা নাই৷ গোলাঘাট নগৰত কাঠফুলাৰ দৰে গঢ়ি উঠা এনে চোৰাং ব্যৱসায় উৎখাত কৰাৰ ক্ষেত্রত জিলা প্রশাসন আৰু আৰক্ষী বিভাগক কঠোৰ  পদক্ষেপ গ্রহণ কৰাৰ বাবে ৰাইজে দাবী জনাইছে৷

You might also like