সোণাৰিৰ অসাধু ব্যৱসায়ীক ট্রেডলাইচেন্স প্রদান নেতা–পালিনেতাৰ
নিয়মীয়া বাৰ্তা, ২ মেঃ যি সময়ত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা পৰিত্রাণ পাবলৈ চৰকাৰে লকডাউন অব্যাহত ৰাখিছে সেই সময়ত একাংশ ৰাজনৈতিক নেতা–পালিনেতাই ক্ষমতাৰ অপব্যৱহাৰ কৰি বহিঃ জিলাৰ পৰা শাক–পাচলি সৰবৰাহ কৰি জনস্বাস্থ্যৰ প্রতি সংশয় নমাই আনিছে৷
উল্লেখ্য যে চৰাইদেউ জিলাৰ একাংশ ধুৰন্ধৰ ব্যৱসায়ীয়ে নিজৰ নামত থকা ড্রেড লাইচেন্স ৰাজনৈতিক নেতা–পালিনেতাসকলৰ্ হাতত চমজাই এইসকলৰ জৰিয়তে চলাই আছে বহিঃ জিলাৰ পৰা অনা শাক–পাচলিৰ ব্যৱসায়৷ শেহতীয়াকৈ সোণাৰি আঞ্চলিক ছাত্র সন্থাৰ অভিযোগৰ ভিত্তিত চৰাইদেউ জিলা প্রশাসনে অভিযান চলাই কেইবাজনো অসাধু ব্যৱসায়িক আটক কৰা লগতে শাক–পাচলিৰ গুদাম ছীল কৰিছিল৷ পৰৱর্তী সময়ত চৰাইদেউ মহকুমা ছাত্র সন্থাৰ দাবীত জিলা প্রশাসনে জব্দকৃত শাক–পাচলিসমূহ নষ্ট কৰি পেলাইছিল৷ অসম চৰকাৰে ক’ভিড–১৯ সন্দর্ভত ৰেড জ’ন বুলি চিনাক্ত কৰা খাৰুপেটীয়া, দলগাঁও, চিকনমাটি আদি অঞ্চলৰ পৰা চৰাইদেউ জিলাৰ সোণাৰিলৈ অনা হৈছিল এই শাক–পাচলিসমূহ৷ চৰাইদেউ জিলা প্রশাসনৰ বিভাগীয় অনুসন্ধানত প্রকাশ পোৱা অনুসৰি প্রশাসনৰ পৰা অনুমতি নোলোৱাকৈ এই শাক–পাচলিসমূহ বহিঃজিলাৰ পৰা আনি অবিজ্ঞানসন্মতভাৱে অস্বাস্থ্যকৰ পৰিৱেশত জমা কৰি ৰাখিছিল৷
যিহেতু এনেদৰে মজুত কৰি ৰখাৰ বাবে জনজীৱনলৈ ৰোগজনিত বিভিন্ন ভাবুকি কঢ়িয়াই অনাৰ আশংকা অধিক সেয়েহে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা জিলা দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণৰ মুখ্য কার্যবাহী বিষয়া প্রণৱ কুমাৰ বৰাই এই শাক–পাচলিসমূহ নষ্ট কৰাৰ লগতে গুদাম ছীল কৰাৰ আদেশ দিছিল৷ তেনে পৰিপ্রেক্ষিতত শাক–পাচলি ব্যৱসায়ৰ লগত জডিত এটা অসাধু চক্রই ৰাজনৈতিক দলৰ নেতাসকলক লগত লৈ পুনৰ অব্যাহত ৰাখিছে বহিঃজিলাৰ পৰা সৰবৰাহ কৰা শাক–পাচলিৰ ব্যৱসায়৷ বিশেষ তথ্য অনুসৰি সোণাৰি নগৰৰ গুদামসমূহ ছীল কৰা পৰিপ্রেক্ষিতত এইসকল অসাধু ব্যৱসায়ীয়ে নিশাৰ ভিতৰতে বহিঃজিলাৰ পৰা সৰবৰাহ কৰি সোণাৰিৰ পার্শ্বৱর্তী ভজো, জাপিধৰা, চেঁচাসত্র, বেঙেনাবাৰী আদি অঞ্চলত শাক–পাচলি মজুত কৰি সেইসমূহ স্থানীয়ভাৱে উৎপাদিত সামগ্রী বুলি ফাঁকি দি অব্যাহত ৰাখিছে ব্যৱসায়৷ উল্লেখ্য যে যি সময়ত চৰাইদেউ জিলাৰ কোনো ঠাইতে ভেণ্ডি, স্কোৱাছ, কুণ্ডলি, পটল, জিকা আদি অধিক পৰিমাণে উৎপাদন হোৱা নাই সেই সময়ত সেই শাক–পাচলিসমূহ জিলাখনত কিদৰে প্রচুৰ পৰিমাণে উপলব্ধ হৈছে সেয়া আশ্চর্যকৰ বিষয় হৈ পৰিছে৷ আনহাতে এই বিষয়টো সন্দর্ভত সঠিক অনুসন্ধানৰ দাবী উত্থাপন কৰিছে সচেতন মহলে৷
থলুৱা কৃষকৰ উৎপাদিত ফচল বিক্রীৰ বাবে উপযুক্ত স্থানৰ অভাৱ হোৱাৰ পাছতো কিদৰে আমদানিকৃত শাক–পাচলিৰ ৰমৰমীয়া ব্যৱসায় অব্যাহত আছে আৰু এই অসাধু ব্যৱসায়ত কোন জড়িত আছে তাৰ তদন্ত কৰিবলৈও সংবাদ মাধ্যমৰ চৰাইদেউ জিলা প্রশাসনক আহ্বান জনাইছে সোণাৰিৰ সচেতন লোকসকলক৷ ইফালে বহিঃজিলাৰ পৰা সৰবৰাহ কৰা শাক–পাচলিৰ জৰিয়তে চৰাইদেউ জিলাত ক’ভিড–১৯ৰ সংক্রমণ হোৱাৰ আশংকা কৰিছে সচেতন মহলে৷ আনহাতে যিসময়ত ৰাজ্যৰ স্বাস্থ্যমন্ত্রীৰ লগতে বিভাগীয় কর্তৃপক্ষই ক’ৰোনা মহামাৰীৰ বিৰুদ্ধে যুঁজ অব্যাহত ৰাখিছে সেই সময়ত ক্ষমতাৰ অপব্যৱহাৰ কৰি ৰেড জ’নৰ পৰা শাক–পাচলি সৰবৰাহ কৰি ৰাজনৈতিক নেতাসকলে জনস্বাস্থ্যৰ প্রতি ভাবুকি কঢ়িয়াই অনা কার্যই চকু কপালত তুলিছে সকলোৰে৷