নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীৰ মৃত্যুক লৈ উত্তপ্ত কলীয়াপানী

নিয়মীয়া বাৰ্তা, ২ মেঃ মৰিয়নিৰ ডকলংগীয়া চাহ বাগিচাৰ অন্তর্গত শাখা কলীয়াপানী চাহ বাগিচাত এগৰাকী কিশোৰীৰ মৃত্যুক কেন্দ্র কৰি কালি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ এই সন্দর্ভত জানিব পৰা মতে, কলীয়াপানী চাহ বাগিচাৰ ৮নং ৱার্ডৰ খ্রীষ্টান লাইনৰ দীপক তাঁতীৰ কন্যা ৰাণীমা তাঁতীৰ  যোৱা ৩০ এপ্রিলত হঠাতে অসুস্থ হৈ পৰে৷ পিছত অসুস্থ ৰাণীমাক কলীয়াপানী চাহ বাগিচাৰ চিকিৎসালয়লৈ নিয়া হয় যদিও তাতেই তেজ বমি কৰে৷

উল্লেখ্য যে চিকিৎসালয়খনত কোনো চিকিৎসক নাই আৰু মাত্র এজন কম্পাউণ্ডাৰে সেৱা আগবঢ়াই আহিছে৷ কিশোৰীগৰাকীৰ অৱস্থা ক্রমাৎ শোচনীয় হৈ পৰাত ততাতৈয়াকৈ ডকলংগীয়া চাহ বাগিচাৰ চিকিৎসালয় অথবা যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱাৰ বাবে বাগিচা কর্তৃপক্ষক এম্বুলেঞ্চ বিচাৰি বাৰম্বাৰ যোগাযোগ কৰে যদিও বাগিচা কর্তৃপক্ষই কোনো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উঠে৷

ইফালে, কিশোৰীগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি হোৱাত আৰু সু–চিকিৎসাৰ পৰা বঞ্চিত হোৱাত কিশোৰীগৰাকীৰ দুর্ভাগ্যজনকভাৱে মৃত্যু হয়৷ ইয়াৰ পিছতে ক্ষুব্ধ হৈ পৰে বাগিচাখনৰ লোক৷ কালি পুৱা এই সম্পর্কত ন্যায় বিচাৰি কলীয়াপানী চাহ বাগিচাৰ কার্যালয়ত কেইবা শতাধিক ৰাইজ উপস্থিত হৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷ বাগিচাৰ কার্যালয় ঘেৰাও কৰি বাগিচা কর্তৃপক্ষৰ এনে কার্যৰ প্রতিবাদ জনোৱাৰ লগতে ভৱিষ্যতে এনে নোহোৱাৰ প্রতিশ্রুতি বিচাৰে৷ উল্লেখ্য যে বাগিচা কর্তৃপক্ষৰ বিৰুদ্ধে অভিযোগ এয়াই প্রথম নহয় ইয়াৰ পূর্বেও কর্তৃপক্ষৰ অৱহেলাৰ বাবেই চিকিৎসাৰ অভাৱত লোকৰ মৃত্যু হোৱা বুলি ৰাইজে কালি অভিযোগ উত্থাপন কৰে৷

ৰাইজৰ ৰুদ্র মূর্তি দেখি উপায়বিহীন হৈ বাগিচাখনৰ পৰিচালক সহ–পৰিচালকসহ বাগিচা কর্তৃপক্ষ উপস্থিত হৈ ৰাইজৰ ওচৰত লিখিতভাৱে পুনৰ এনে ঘটনাৰ পুনৰাবৃত্তি নোহোৱাৰ প্রতিশ্রুতি দিয়ে৷ ইয়াৰ পিছতহে ৰাইজ ক্ষান্ত হয়৷ আটছা– মৰিয়নি শাখাই এই ঘটনাত গভীৰ দুখ প্রকাশ কৰাৰ লগতে বাগিচাখনৰ কর্তৃপক্ষৰ এনে দায়িত্বহীন কার্যৰ তীব্র সমালোচনা কৰি ভৱিষ্যতে এনে কার্যৰ পৰা বিৰত থাকিবলৈ আটছাই বাগিচাখনৰ কর্তৃপক্ষক সকীয়াই দিছে৷

You might also like