নিয়মীয়া বাৰ্তা, ২ মেঃ উত্তৰ পূৱ ভাৰতৰ জৈৱ বৈচিত্ৰ সংৰক্ষণৰ অন্যতম সংস্থা আৰণ্যকে শুকুৰবাৰে ” ইক’এন ই” নামৰ এখন অনলাইন আলোচনী তথা ডিজিটেল প্লেটফৰ্ম উন্মোচন কৰে। উত্তৰ পূৰ্বাঞ্চলৰ জৈৱবৈচিত্ৰ আৰু পৰিবেশ সম্পৰ্কীয় বিষয়সমুহ হ’ব এই আলোচনীখনৰ মূল আকৰ্ষণ। গুৱাহাটীত এই “ইক’এন ই”ৰ ৱেবছাইট www.econe.in ৰ অনলাইন উন্মোচন কৰা হয়।
উল্লেখ্য যে উক্ত আলোচনী খনে বিভিন্ন বন্য গল্প, পৰিবেশ সংৰক্ষণ ক্ৰিয়াকলাপ পৰ্যালোচনাৰ লগতে, উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰ সম্পৰ্কে যুগুত কৰা বিভিন্ন মাধ্যমৰ লিখনি সমূহ সামৰি লৈছে। ইয়াৰ উপৰিও বিভিন্ন পৰিবেশ মূলক চিন্তাধাৰাৰ আলোকপাত কৰিছে। এই বিশেষ লেখনী সমূহত বিভিন্ন তদন্ত মূলক প্ৰবন্ধ, আলোকচিত্ৰ ৰ গল্প, তথ্যচিত্ৰ, চিত্ৰ অংকন উপৰিও জৈৱবৈচিত্ৰ আৰু পৰিবেশ সংৰক্ষণৰ বিভিন্ন বিষয়সমূহ সামৰি আৰণ্যকে অনুষ্ঠিত কৰা ‘ইক’টক’ নামৰ এক নতুন বাৰ্তালাপৰ শৃংখলাৰ সংযোজন কৰা হয়।
উদয়ন বৰঠাকুৰ,’ ইক ‘এন ই’ ৰ মূখ্য সম্পাদকে কয় যে, “পৰিবেশ সংৰক্ষণৰ প্ৰতি আমি আগবঢ়োৱা প্ৰচেষ্টাৰ উপৰিও জনসাধাৰণৰ আগত এই বিষয়ে সহজ ভাবে দাঙি ধৰাটো অতি গুৰুতবপূৰ্ণ দায়িত্ব। “ইক’ এন ই’ ৰ এই প্ৰচেষ্টাত মোৰ লগতে আমাৰ দলটোৰ কাৰ্যকৰী সম্পাদক মুনমিতা বৰুৱা ৰ লগতে কুকীল গগৈ, চিন্ময় স্বৰ্গীয়াৰী আৰু প্লাবন দাস য়ে বিভিন্ন বিভাগীয় দায়িত্ব পালন কৰি আহিছে।”
উত্তৰ পূৰ্বাঞ্চলৰ যুৱ লেখক আৰু উদীয়মান পৰিবেশ সাংবাদিক সকলক উৎসাহ আৰু উদ্গনী য়ুগুৱাটো এই আলোচনীখনৰ প্ৰধান লক্ষ্য। উদয়ন বৰঠাকুৰে যোগ দিয়ে যে,” যোৱাটো বছৰত আমি অনুমোদন কৰা ৫ জন যুৱ সাংবাদিক ৰ উত্তৰ পূৰ্বাঞ্চলৰ কিছুমান জৈৱবৈচিত্ৰ আৰু পৰিবেশ সংৰক্ষণ সম্পৰ্কীয় তথ্যৰ ভিত্তিত উলিওৱা লেখনিও এই ‘ইক’এন ই’ ত প্ৰকাশ পাব।” আলোচনীখন উদীয়মান প্ৰকৃতি প্ৰেমীৰ আলোকচিত্ৰ ৰ গল্প, তথ্যচিত্ৰ, গল্প আদি প্য়কাশৰ বাবেও আগ্ৰহী। ইচ্ছুক ব্যক্তিসকলক www.econe.in ত উল্লেখ কৰা যোগাযোগৰ ঠিকনাৰ লগতে [email protected] ত যোগাযোগ কৰিবলৈ অনোৰোধ জনোৱা হ’ল।
এই আলোচনীখন আৰণ্যকৰ ২০১৮ চনত স্থাপিত মিডিয়া প্ৰডাকচন এণ্ড কমিউনিকেশ্বন ডিভিজনৰ উদ্যোগত আৰু ইন্টৰনিউজৰ আৰ্থ জাৰ্নেলিজিম নেটৱৰ্কৰ সহযোগত প্ৰস্তত কৰি উলিওৱা হৈছে।