সাগৰতলিত বর্জিত প্লাষ্টিকৰ দ’ম, উদ্বিগ্ন গৱেষক
নিয়মীয়া বাৰ্তা, ৩ মে’ : ভূমিতেই নহয়, সাগৰৰ তলিত বর্জিত প্লাষ্টিকৰ দ’ম প্রতিদিনে বৃদ্ধি পাই আছে৷ ইতিমধ্যে সাগৰৰ তীৰত প্লাষ্টিকৰ দ’মে ভয়াৱহ প্রদূষণ সৃষ্টি কৰি পৰিৱেশ তন্ত্রলৈ ভাবুকি কঢ়িয়াই আনিছে৷ শেহতীয়াভাৱে মানচেষ্টাৰ বিশ্ববিদ্যালয় গৱেষণা প্রতিবেদনত সাগৰৰ তলিততো ভয়াৱহ ৰূপত বর্জিত প্লাষ্টিকৰ দম বৃদ্ধি পাইছে বুলি তথ্য প্রকাশ পাইছে৷ গৱেষকৰ দলটোৱে ভূ–মধ্য সাগৰৰ তলত বর্জিত প্লাষ্টিকৰ টুকুৰাৰ দ’ম আঁতৰ কৰা বুলি তথ্য সদৰী কৰিছে৷ সাগৰৰ তলিত প্রতি বর্গমিটাৰ ১.৯ নিযুত প্লাষ্টিকৰ টুকুৰাই ভিৰ কৰিছে বুলিও গৱেষকসকলে প্রতিবেদনত উল্লেখ কৰিছে৷ সাগৰৰ তলিত এনেদৰে প্রতিবছৰে ৪–১২ নিযুত টন প্লাষ্টিকৰ বর্জিত গোট খাই এনে ভয়াৱহ ৰূপ লৈছে যে ই ভৱিষ্যতে সাগৰীয় জৈৱ–বৈচিত্র্যৰ লগতে পৰিৱেশ তন্ত্র বিধ্বস্ত কৰিব৷ চহৰৰ ওচৰৰ সাগৰৰ তলিতেই নহয়, অতিকে দুর্গম স্থানত থকা সাগৰৰ তলিতো বর্জিত প্লাষ্টিকে দ’ম বান্ধিছে৷ গৱেষকসকলৰ এই তথ্যই সাগৰৰ পৰিৱেশ তন্ত্র যে ভাবুকিৰ সন্মুখীন হৈছে সেয়া নিশ্চিত কৰিছে ৷