নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অভাৱগ্রস্ত ক্রিকেটাৰৰ কাষত কপিল–গাভাস্কাৰ

নিয়মীয়া বাৰ্তা, ৩ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছৰ ফলত সৃষ্টি হোৱা সংকটৰ সময়ত অভাৱগ্রস্ত ক্রিকেটাৰসকলৰ কাষত থিয় দিছে ভাৰতৰ একালৰ কিংবদন্তি ক্রিকেটাৰ সুনীল গাভাস্কাৰ আৰু কপিল দেৱ৷ ভাৰতীয় ক্রিকেটার্ছ সন্থা (আইচিএ)ৰ জৰিয়তে তেওঁলোকে প্রায় ৩০গৰাকী অভাৱগ্রস্ত ক্রিকেটাৰক লকডাউনৰ সময়ছোৱাত আর্থিকভাৱে সহায় কৰিছে৷ আইচিএৰ সভাপতি অশোক মালহোত্রাই আজি সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে৷ তেওঁ কয় যে সুনীল গাভাস্কাৰ, কপিল দেৱ, মহম্মদ আজহাৰউদ্দিন, গৌতম গম্ভীৰ আৰু গুণ্ডাপ্পা বিশ্বনাথৰ দৰে মহান খেলুৱৈসকলে আমাৰ সৈতে যোগ দিছে আৰু দুর্যোগৰ সময়ত অভাৱগ্রস্ত ক্রিকেটাৰসকলৰ কাষত থিয় হৈছে৷ উল্লেখ্য যে চাকৰি নথকা অথবা বিচিচিআই আৰু নিজৰ ৰাজ্যিক ক্রিকেট সন্থাৰ পেন্সন লাভ নকৰা ক্রিকেটাৰসকলক লকডাউনৰ সময়ত সহায় কৰিবলৈ ইণ্ডিয়ান ক্রিকেটার্ছ এছ’চিয়েচনে বিভিন্ন পদক্ষেপ হাতত লৈছে৷ বিচিচিআয়ে তেওঁলোকক ২ কোটি টকাৰ প্রাৰম্ভিক অনুদান আগবঢ়াইছে৷

You might also like