নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বনাথৰ ৰাজপথত নিশা নাৰ্ছক যৌন নিৰ্যাতনৰ চেষ্টাঃ গ্ৰেপ্তাৰ ৪

নিয়মীয়া বাৰ্তা ,৩ মে : লকডাউনৰ মাজতে শনিবাৰে বিশ্বনাথত নাৰ্ছক যৌন নিৰ্যাতনৰ চেষ্টা ৷ বিশ্বনাথৰ ৰাজপথত নিশাৰ আন্ধাৰৰ সুযোগলৈ দুৰ্বৃত্তই চলাইছিল কুকাৰ্যৰ প্ৰয়াস ৷ এখন ব্যক্তিগত চিকিৎসালয়ৰ পৰা কৰ্তব্য সামৰি ভাড়া ঘৰলৈ খোজকাঢ়ি গৈ থকা তিনি গৰাকী নাৰ্ছক বিশ্বনাথ চাৰিআলিৰ দগাঁৱৰ এটা তেল ডিপোৰ সন্মুখত আগছি ধৰি চলাইছিল যৌন নিৰ্যাতনৰ চেষ্টা ৷ হুলস্থূল কৰি দৌৰি পলায়ন নাৰ্ছৰ ৷ পিছত চিকিৎসালয়ৰ কৰ্মচাৰীৰ সহযোগত আটক ধৰবিন্দ শৰ্মা নামৰ এজন লম্পটক ৷ তেওঁক উত্তম মাধ্যম সোধাই স্থানীয় লোক আৰু ভুক্তভোগী নাৰ্ছ কেইগৰাকীয়ে ৷ পিছত আৰক্ষীক চমজাই দিয়ে লম্পটটোক ৷ পিছত আৰু তিনিটা লম্পটক গ্ৰেপ্তাৰ কৰে আৰক্ষীৰ ৷ আটাইকেইটা তেল ডিপোটোৰ কৰ্মচাৰী ৷ গ্ৰেপ্তাৰ হোৱা লম্পট কেইটা হ’ল ক্ৰমে ৰাহুল কুমাৰ,অশোক কুমাৰ,গৌৰৱ কুমাৰ আৰু ধৰবিন্দ শৰ্মা ৷ নিশাই বিশ্বনাথ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এওঁলোকক ৷ প্ৰথমে ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম দিছিল ধৰবিন্দ শৰ্মাক ৷ লম্পট কেইটাৰ ঘৰ বিহাৰৰ মুজাফৰপুৰত ৷ ইতিমধ্যে বিশ্বনাথ চাৰিআলি থানাত (Case No 119/2020, U/S 341/342/354/354-A/34 IPC) গোচৰ ৰুজু কৰি অভিযুক্ত কেইজনক জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷

You might also like