অৰেঞ্জ জ’নত মৰিগাঁও জিলা; সজাগ জিলা প্ৰশাসন
নিয়মীয়া বাৰ্তা, ৩ মে’ : বৰ্তমান মৰিগাঁও জিলাত এগৰাকীও ক’ৰোনা ৰোগী নথকাৰ সূত্ৰে অৰেঞ্জ জ’নত প্ৰৱেশ কৰা মৰিগাঁও জিলাৰ বৰ্তমান চিকিৎসা ব্যৱস্থা সন্দৰ্ভত যথেষ্ট গুৰুত্ব আৰোপ কৰিছে মৰিগাঁও জিলাৰ উপায়ুক্ত ঋতুৰাজ বৰাই।
দেওবাৰে উপায়ুক্ত বৰাই মৰিগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ সৈতে ভোৰাগাঁও অঞ্চললৈ গৈ অঞ্চলটোত থকা কণ্টেইনমেণ্ট জ’নৰ ব্যৱস্থাৰ বুজ লয়।
তাৰ পিছতে মৰিগাঁও এ এন এম নাৰ্ছিং চেণ্টাৰৰ প্ৰেক্ষাগৃহত ভিলেজ লেভেল ছাৰ্ভিলিয়েন্স সভা এখনত অংশ গ্ৰহণ কৰে।
আনহাতে মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাই মৰিগাঁও বাসীক সামাজিক দূৰত্ব আৰু লক ডাউন ৰ বাবে অৰেঞ্জ জ’নৰ নিয়ম মানি চলিবলৈ আহ্বান জনাইছে ।