ব্লেকমেইলিং, ধন দাবীঃ ৱেবপৰ্টেলৰ স্বয়ম্ভূ সম্পাদকক গ্ৰেপ্তাৰ
নিয়মীয়া বাৰ্তা, ৩ মে’ : মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষীৰ জালত পৰিল সাংবাদিকতাৰ নামত ব্লেকমেইলিঙৰ পোহাৰ মেলা টাইমচ গুৱাহাটী নামৰ এক নিউজ পৰ্টেলৰ স্বয়ম্ভূ সম্পাদক ৰাজকুমাৰ পুলক নাথ।
মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাত ৰুজু হোৱা 146/20 আৰু 149/20 নং গোচৰৰ ভিত্তিত টাইমচ গুৱাহাটী নামৰ নিউজ ৱেব পৰ্টেলটোৰ একেধাৰে স্বৰ্তাধিকাৰ, সম্পাদক, সাংবাদিক ৰাজকুমাৰ পুলক নাথক দেওবাৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
প্ৰাপ্ত তথ্য অনুসৰি, নিউজ পৰ্টেলটোৰ স্বয়ম্ভূ সম্পাদক- সাংবাদিক গৰাকীয়ে দুৰ্নীতি-অনিয়মৰ অভিযোগ তুলি মৰিগাঁও জিলাৰ চৰাইবাহী সমবায় সমিতিৰ সচিব হেমন্ত কুমাৰ নাথৰ পৰা ২ লাখ টকা দাবী কৰিছিল। সচিবগৰাকীয়ে ৱেব পৰ্টেলটোৰ সম্পাদক গৰাকীয়ে ধন দাবীৰে কৰা বাৰ্তালাপ ৰেকৰ্ডিং কৰিছিল। এক নিউজ ৱেব পৰ্টেলৰ স্বৰ্তাধিকাৰ, সম্পাদক-সাংবাদিক হোৱাৰ সুবাদত ৰাজকুমাৰ পুলক নাথে ধন দাবী কৰা সন্দৰ্ভত সচিব হেমন্ত কুমাৰ নাথে এক এজাহাৰ দাখিল কৰা পৰিপেক্ষিতত ৰুজু হোৱা গোচৰত শনিবাৰে নিশা আৰক্ষীয়ে স্বয়ম্ভূ সম্পাদক গৰাকীক বৰভগীয়াৰ নিজ বাসগৃহৰ পৰা আটক কৰে।
ইতিমধ্যে প্ৰাথমিক সোধাপোচাৰ অন্তত ভাৰতীয় দণ্ড বিধিৰ ধাৰাৰ অধীনত ব্লেকমেইলিঙৰ দৰে গুৰুতৰ অপৰাধত জড়িত ৰাজকুমাৰ পুলক নাথক গ্ৰেপ্তাৰ কৰা বুলি প্ৰকাশ কৰিছে মিকিৰভেটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল কুমাৰ হাজৰিকাই।