ৰাজ্যপালৰ শাসনে বিপিএফক ক্ষতি কৰিব নোৱাৰে
নিয়মীয়া বাৰ্তা, ৩ মেঃ যোৱা ২৭ এপ্রিলত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বিটিচি পৰিষদখনৰ কার্যকাল সমাপ্ত হোৱাৰ পাছত সন্ধিয়া প্রফেছৰ জগদীশ মুখীয়ে পৰিষদখন ভংগ কৰি দি অঞ্চলটোত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰাক লৈ বি পি এফ দলৰ লগতে নেতা–কর্মী–বিধায়কসকলে তীব্র প্রতিক্রিয়া ব্যক্ত কৰি আহিছে৷
ওদালগুৰি জিলাৰ পানেৰী বিধানসভা সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰী বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তনক কেন্দ্র কৰি তীব্র অসন্তুষ্টি ব্যক্ত কৰাৰ উপৰি বিজেপি দলে ৰাজ্যপালৰ শাসনৰ জৰিয়তে এক আক্রমণাত্মক সিদ্ধান্ত গ্রহণ কৰিছে বুলিও সংবাদ মাধ্যমৰ আগত নিজস্ব অভিমত প্রকাশ কৰে৷ ৰাজ্যপালৰ হাতত বিটিচিৰ ক্ষমতা গতাই দিয়া কার্যক বিধায়িকা কমলী বসুমতাৰীয়ে দুর্ভাগ্যজনক বুলি আখ্যা দিয়ে৷ ৰাজ্য চৰকাৰৰ কেবিনেটৰ সিদ্ধান্ত নোহোৱাকৈ এক আক্রোশমূলকভাৱে বিজেপিয়ে ৰাজ্যপালৰ শাসনৰ দ্বাৰা বি পি এফৰ ওপৰত আক্রমণাত্মক ভূমিকা পালন কৰা বুলিও বিধায়িকাগৰাকীয়ে উল্লেখ কৰে৷ বিজেপি দলৰ পৰা বি পি এফ দলে এনে হোৱাটো কোনো দিনে ভবা নাছিল, যিহেতু বিজেপি দলৰ সৈতে বি পি এফ দলৰ মিত্রতা চলি আছে৷
শেহতীয়াভাৱে বিজেপি দলৰ কার্যপন্থাই বি পি এফ দলক ভবাই তুলিবলৈ বাধ্য কৰাইছে যে বি পি এফক লৈ বিজেপি দলে গভীৰ ষড়যন্ত্রত নামি পৰিছে৷ বিজেপি দলৰ সভাপতি ৰঞ্জিত দাসে কৰি অহা বক্তব্যবোৰত এইটো সম্পূর্ণৰূপে পৰিষ্কাৰ হৈ অহা বুলি সংবাদ মাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে বিটিচিত যে ৰাজ্যপালৰ শাসন প্রৱর্তন কৰিব সেইটো বিজেপি মিত্রদলৰ চৰকাৰখনে বিটিচি পৰিষদক অৱগত কৰা নাছিল৷ যিকোনো কাৰণতে নহওক কিয়, বিটিচিত ৰাজ্যপালৰ শাসন প্রৱর্তন কৰিলেও কিন্তু বি পি এফ দলৰ ক্ষতিসাধন কৰিব নোৱাৰিব, বৰঞ্চ ৰাজ্যপালৰ শাসন প্রৱর্তনে দলটোক অধিক মজবুত আৰু শক্তিশালী কৰিব বুলি কয়৷ বিজেপি দলে বি পি এফৰ ওপৰত চলোৱা চক্রান্তমূলক আৰু আক্রোশমূলক গভীৰ ষড়যন্ত্র গ্রহণ কৰি অহা কার্যপন্থাসমূহত ধৰা পৰিলেও বিটিচিত বি পি এফেই থাকিব বুলিও কয়৷
আনহাতে, অসম চৰকাৰৰ মন্ত্রী তথা ওদালগুৰি বিধানসভা সমষ্টিৰ বিধায়ক ৰিহণ দৈমাৰীয়ে বি পি এফ এৰি বিজেপি গমন কৰা বুলি যি বাতৰি ওলাইছে সম্পূর্ণ ভিত্তিহীন বুলি সংবাদ মাধ্যমৰ আগত বিধায়িকাগৰাকীয়ে স্পষ্ট কৰি দিছে৷ বি পি এফক আন্ধাৰত থৈ বিজেপি দলে ইউ পি পি এল, গণ সুৰক্ষা পার্টীক লৈ বিটিচি পৰিষদ গঠনৰ দিবাস্বপ্ণ দেখিছে ই কেতিয়াও সম্ভৱ নহ’ব বুলিও বিধায়িকাগৰাকীয়ে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰে৷