লালুকত জটিল ৰোগত আক্রান্ত দশম শ্রেণীৰ ছাত্রী
নিয়মীয়া বাৰ্তা, ৩ মেঃ লালুক গড়মূৰৰ সুভাষ বিশ্বাস আৰু ৰেখা বিশ্বাসৰ ১৪ বছৰীয়া কন্যা তথা লালুক একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ৰ দশম শ্রেণীৰ ছাত্রী ৰাখী বিশ্বাসে বহু দিন ধৰি এক জটিল ৰোগত আক্রান্ত হৈ আছে৷
ডিব্রুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা কৰিছে যদিও বর্তমান ছাত্রীগৰাকীৰ টিউমাৰ অস্ত্রোপচাৰৰ বাবে অ’ (o) পজিটিভ তেজৰ প্রয়োজন হৈছে৷ ছাত্রীগৰাকীৰ চিকিৎসাৰ ক্ষেত্রত পিতৃৰ সাঁচতীয়া ধন ইতিমধ্যে শেষ হৈছে৷
অস্ত্রোপচাৰৰ বাবে বহু পৰিমাণৰ ধনৰ প্রয়োজন হৈছে৷ সেইবাবে দিক্বিদিক হেৰুৱাই এই পৰিয়ালটোৱে চৰকাৰৰ পৰা সহায় বিচাৰিছে৷ কোনোবা সদাশয় ব্যক্তিয়ে যদি ছাত্রীগৰাকীক সহায় কৰিব বিচাৰে তেন্তে ৮৪৮৬৩–৬১২৭৬ ফোন নম্বৰত নাইবা একাউণ্ট নং ৭০২৫০১০০৪৫৭৬৬,IFSC-UTBIORRBAGB এই একাউণ্টৰ লগত যোগাযোগ কৰিব পাৰিব৷