নিয়মীয়া বাৰ্তা, ৪ মেঃ দেশৰ ক’ভিড–১৯ৰ যুঁজাৰুক সশস্ত্র বাহিনীয়ে সন্মান জনোৱাৰ দিনাই সন্ত্রাসবাদীৰ সৈতে হোৱা ভয়াৱহ সংঘর্ষত জম্মু–কাশ্মীৰত দুগৰাকী সেনা বিষয়াসহ পাঁচ নিৰাপত্তা বাহিনীৰ লোক শ্বহীদ হয় ৷ জম্মু–কাশ্মীৰৰ কুপৱাৰা জিলাৰ হন্দৱাৰাত পাকিস্তানী সন্ত্রাসবাদী সংগঠন লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সদস্যৰ সৈতে হোৱা সংঘর্ষত সেনাৰ কর্নেল, মেজৰসহ দুজন জোৱান আৰু এজন জম্মু–কাশ্মীৰ আৰক্ষীয়ে প্রাণ হেৰুৱায় ৷ সংঘর্ষত প্রাণ হেৰুৱায় কর্নেল আশুতোষ শর্মা, মেজৰ অনুজ সুদ, নায়ক ৰাজেশ, লেন্সনায়ক দীনেশ আৰু কাশ্মীৰ আৰক্ষীৰ উপ–পৰিদর্শক ছাকিৰ কাজী ৷
সংঘর্ষৰ বিৱৰণী মতে, শনিবাৰে নিশা কেন্দ্রীয়শাসিত অঞ্চলটোৰ হন্দৱাৰাত লস্কৰ–ই–তৈবাৰ দুর্ধর্ষ সদস্য হাইদৰসহ দুজন সন্ত্রাসবাদী আত্মগোপন কৰি থাকি গাঁওবাসীক পণবন্দী কৰাৰ তথ্য লাভ কৰাৰ পিছতেই কর্নেল আশুতোষ শর্মাৰ নেতৃত্বত নিৰাপত্তা বাহিনীটোৱে অভিযান আৰম্ভ কৰে ৷ এই অভিযানত সন্ত্রাসবাদী গোট আৰু অভিযানকাৰী নিৰাপত্তা বাহিনীৰ সৈতে প্রচণ্ড সংঘর্ষ লাগে ৷ প্রায় ৮ ঘণ্টা ধৰি দুয়োপক্ষৰ মাজত সংঘর্ষ হয় ৷ গুলীবর্ষণৰ মাজতেই পাঁচজনীয়া অভিযানকাৰী দলটোৱে কেইবাগৰাকীও গাঁৱৰ লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও দুর্ভাগ্যক্রমে সংঘর্ষৰ ফলত কর্নেল শর্মা, মেজৰ সুদসহ পাঁচজনৰ মৃত্যু হয় ৷ আনপিনে নিৰাপত্তা বাহিনীয়ে সন্ত্রাসবাদী দুজনকো গুলীয়াই হত্যা কৰে ৷ কাশ্মীৰৰ আই জি বিজয় কুমাৰে প্রকাশ কৰা মতে সংঘর্ষত সেনা বিষয়াসহ পাঁচজন নিৰাপত্তা বাহিনীৰ জোৱানক দুখজনকভাৱে হেৰুৱাবলগীয়া হৈছে ৷
অৱশ্যে এই সংঘর্ষত পাকিস্তানৰ পৰা অহা লস্কৰ–ই–তৈবাৰ কমাণ্ডাৰ হাইদৰসহ দুজনক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হয় ৷ মন কৰিবলগীয়া যে সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত শ্বহীদ হোৱা কর্নেল আশুতোষ শর্মাই দুবাৰকৈ সাহসিকতাৰ সেনা পদক লাভ কৰিছিল ৷ ২০১৮ চনত ২১ ৰাষ্ট্রীয় ৰাইফলছৰ কমাণ্ডিং অফিচাৰ হিচাপে কার্যনির্বাহ কৰি থকা সময়তে হন্দৱাৰাত সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰিবলৈ সক্ষম হৈছিল ৷ হন্দৱাৰাত শ্বহীদ হোৱা কর্নেল শর্মা আৰু মেজৰ সুদ দুয়োগৰাকীয়েই গার্ডছ ৰেজিমেণ্টৰ বিষয়া ৷ আনপিনে, শ্বহীদ হোৱা নায়ক ৰাজেশ আৰু লেন্সনায়ক দীনেশ ২১ ৰাইফলছৰ জোৱান ৷ তেনেদৰে, ছাকিৰ কাজী জম্মু–কাশ্মীৰৰ উপ–পৰিদর্শক হিচাপে কর্মৰত আছিল ৷ জম্মু–কাশ্মীৰৰ ৰাজধানী শ্রীনগৰৰ পৰা ৭০ কিলোমিটাৰ নিলগৰ হন্দৱাৰাত সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত শ্বহীদ হোৱা দুজন সেনা বিষয়াসহ পাঁচ নিৰাপত্তা বাহিনীৰ লোকৰ মৃত্যুত গভীৰ শোক প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৷
এক টুইটযোগে প্রধানমন্ত্রী মোদীয়ে কয়– হন্দৱাৰাত প্রাণাহুতি দিয়া শ্বহীদ আমাৰ সাহসী সেনা আৰু নিৰাপত্তা বাহিনীক শ্রদ্ধাঞ্জলি জনাইছোঁ ৷ তেওঁলোকৰ বীৰত্ব আৰু ত্যাগ কেতিয়াও পাহৰিব পৰা নাযাব ৷ দেশৰ নাগৰিকক সুৰক্ষাৰ বাবে বিশ্রামহীনভাৱে কাম কৰি থকা তেওঁলোকে দেশৰ বাবে সর্বস্ব উছর্গা কৰিলে ৷ পৰিয়াল আৰু শুভাকাংক্ষীলৈ সমবেদনা জ্ঞাপন কৰিছোঁ ৷ আনপিনে, কেন্দ্রীয় প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙেও সন্ত্রাসবাদীৰ সৈতে সংঘর্ষত প্রাণ হেৰুওৱা সেনা বিষয়া আৰু নিৰাপত্তা বাহিনীৰ মৃত্যু গভীৰ চিন্তাজনক আৰু বেদনাদায়ক বুলি মন্তব্য কৰে ৷ সন্ত্রাসবাদীৰ সৈতে যুঁজত তেওঁলোকে অনন্য সাহসিকতা প্রদর্শন কৰি দেশৰ সেৱাত সর্বস্ব ত্যাগ কৰিলে বুলিও কয় প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে ৷ টুইটত প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে পুনৰ কয় যে তেওঁলোকৰ বীৰত্ব আৰু ত্যাগক আমি কেতিয়াও পাহৰিব নোৱাৰিম ৷