নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্রিটেইনত ২৭ চিকিৎসকসহ ১৭১গৰাকী স্বাস্থ্যকর্মীৰ ক’ৰোনাত মৃত্যু

নিয়মীয়া বাৰ্তা ৪ মেঃ ব্রিটেইনত ক’ৰোনা আক্রান্ত ৰোগীক চিকিৎসা সেৱা আগবঢ়োৱা বহু স্বাস্থ্যকর্মীয়ে ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে৷ দেশখনত এতিয়ালৈকে ১৭১গৰাকী ক’ভিড–১৯ আক্রান্ত লোকৰ চিকিৎসা সেৱাত জড়িত স্বাস্থ্যকর্মীৰ মৃত্যু হৈছে৷ ইয়াৰ ভিতৰত আছে ২৭গৰাকী চিকিৎসক আৰু ১০০গৰাকী নার্ছ৷ লক্ষণীয়ভাৱে বহু বিদেশী চিকিৎসকেও ব্রিটেইনত ক’ভিড–১৯ত আক্রান্ত হৈ মৃত্যুক আদৰি লৈছে৷ লক্ষণীয়ভাৱে এই মহামাৰীৰ সৈতে যুঁজ দি থকা ব্রিটেইনৰ চিকিৎসকসকলে প্রয়োজনীয় সুৰক্ষা সামগ্রী লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ উঠিছিল৷ আনকি বহু চিকিৎসক তথা স্বাস্থ্যকর্মীয়ে ক’ভিড–১৯ত আক্রান্ত লোকক চিকিৎসা সেৱা প্রদান নকৰাৰ সিদ্ধান্তও লৈছিল৷ পৰৱর্তী সময়ত অৱশ্যে স্বাস্থ্যকর্মীসকলে সুৰক্ষা কৱচ লাভ কৰাৰ পাছত এই মতানৈক্যৰ অৱসান ঘটে৷ কিন্তু সমুখভাগৰ পৰা ক’ৰোনাৰ সংক্রমণ প্রতিৰোধৰ ক্ষেত্রত নিয়োজিত বহু চিকিৎসক ব্রিটেইনত মাৰাত্মক ভাইৰাছবিধত আক্রান্ত হয়৷

You might also like