নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিপজ্জনক উইকেটত টেষ্ট মেচ খেলি থকা যেন অনুভৱ হৈছে

নিয়মীয়া বাৰ্তা, ৪ মে’ : মহামাৰী ক’ৰোনা ভাইৰাছে সমগ্র বিশ্বত আতংকময় পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ছোৱাক বিপজ্জনক উইকেটত টেষ্ট মেচ খেলি থকা মুহূর্তৰ সৈতে তুলনা কৰিছে ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ডৰ সভাপতি সৌৰভ গাংগুলীয়ে৷ বিশ্বৰ প্রায় ২.৪০ লাখ লোকৰ প্রাণ কাঢ়ি নিয়া মহামাৰী ক’ৰোনা ভাইৰাছৰ সংক্রমণ নিয়ন্ত্রণ কৰিবলৈ এতিয়াও যথেষ্ট সাৱধানতা অৱলম্বন কৰাৰ প্রয়োজন আছে বুলি উল্লেখ কৰি ভাৰতৰ প্রাক্তন অধিনায়কগৰাকীয়ে কয় যে এই পৰিস্থিতিটো হ’ল বিপজ্জনক উইকেটত টেষ্ট মেচ খেলি থকাৰ দৰে৷ এনেধৰণৰ উইকেটত যিদৰে বেটছমেনে সামান্য ভুলৰ বৃহৎ মূল্য ভৰিবলগীয়া হয়, ঠিক তেনেদৰে ক’ৰোনাৰ সংক্রমণৰ সময়ছোৱাত জনসাধাৰণে সামান্য ভুলৰ বাবে নিজৰ জীৱন হেৰুৱাবলগীয়া হ’ব পাৰে৷ কঠিন পৰিস্থিতিত টেষ্ট মেচ এখন জিকিবলৈ যিদৰে ধৈর্য, সংযম আৰু সাহসৰ প্রয়োজন, ঠিক একেদৰে ক’ৰোনাৰ বিৰুদ্ধে জয়ী হ’বলৈও আমাক এই ধৰণৰ গুণৰ প্রয়োজন হ’ব বুলি গাংগুলীয়ে উল্লেখ কৰে৷

You might also like