নিয়মীয়া বাৰ্তা, ৪ মেঃ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ লক্ষ্যৰে দেশজুৰি চলা দীঘলীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি শিক্ষাৰ্থী সকলৰ শৈক্ষিক ভৱিষ্যতলৈ নামি আহিছে শংকা আৰু ব্যাপক অনিশ্চয়তা । দেশ তথা ৰাজ্যৰ শিক্ষাৰ্থী সকলৰ বাবে চৰকাৰ তথা শিক্ষানুষ্ঠান সমূহে কিছু নীতি নিৰ্দ্ধাৰণ কৰিছে যদিও তেনে আঁচনি সমূহে পৰ্যাপ্ত আশ্বাস প্ৰদান কৰিব পৰা নাই শিক্ষাৰ্থী সমাজক । তাৰেই মাজতে দেওবাৰে কটন বিশ্ববিদ্যালয় আছু গোটে বিশ্ববিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে কেতবোৰ দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰদান কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যক। কোনো কাৰণতে শিক্ষাৰ্থী সকলৰ এটা শৈক্ষিক বৰ্ষ যাতে নষ্ট কৰিব লগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি উপযুক্ত নীতি নিৰ্দ্ধাৰণ কৰিবলৈ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক দাবী জনায় ছাত্ৰ সংগঠনটোৱে ।
স্মাৰক পত্ৰ খনৰ যোগে প্ৰথাগত অন্তৱৰ্তীকালীন পৰীক্ষা (mid semester)ৰ সলনি পূৰ্বনিৰ্দ্ধাৰিত প্ৰকল্প সম্পাদন (Assignment)ৰ জৰিয়তে মূল্যায়ন কৰা, উমৈহতীয়া শিকন পদ্ধতিৰে বাধ্যতামূলক অনলাইন পাঠদানৰ ব্যৱস্থা কৰি পাঠ্যক্ৰম সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰা, ই-লাইব্ৰেৰী অথবা JSTOR সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে উপলব্ধ কৰোৱা, উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ শিক্ষাৰ্থীৰ বাবে পৰ্যাপ্ত অধ্যয়ন সমল যোগান ধৰা, স্নাতকোত্তৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰকল্পৰ ক্ষেত্ৰত নিৰ্ভৰযোগ্য ছেকেণ্ডেৰী তথ্যক মান্যতা প্ৰদান কৰা, বিশ্ববিদ্যালয় খোলাৰ আগেয়ে বিশ্ববিদ্যালয় চৌহদ চেনিটাইজ কৰা আৰু বিশ্ববিদ্যালয় চৌহদত সামাজিক দূৰত্ব কঠোৰ ভাৱে বজাই ৰখা, বিনামূলীয়াকৈ পৰীক্ষাৰ প্ৰ-পত্ৰ পূৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা, সদ্যঘোষিত স্নাতক পঞ্চম ষান্মাসিকৰ ফলাফলৰ বিসংগতিৰ অভিযোগ সম্পৰ্কত বিবেচনা কৰি পুনৰ মূল্যায়নৰ ব্যৱস্থা কৰা আৰু অন্যান্য ষাণ্মাসিক সমূহৰ ফলাফল শীঘ্ৰেই ঘোষণা কৰাকে আদি কৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবী উত্থাপন কৰিছে ছাত্ৰ সংগঠনটোৱে । বিশ্ববিদ্যালয় কৰ্তৃপক্ষই স্মাৰক পত্ৰ খনৰ সন্দৰ্ভত শীঘ্ৰেই ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়া বুলি এক প্ৰেছ বিজ্ঞপ্তি যোগে অৱগত কৰে আছু গোটৰ সভাপতি হৃষীকেশ দত্ত আৰু ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক প্ৰাঞ্জল সোণোৱালে ।