বহিঃৰাজ্য ফেৰৎ যুৱকৰ বাবে বিশেষ ব্যৱস্থা গ্রহণৰ দাবী
নিয়মীয়া বাৰ্তা, ৪ মেঃ ৰাজ্যৰ সংস্থাপনবিহীন লাখ লাখ নিবনুৱাৰ মাজৰ পৰা ওলাই গৈ বহিঃৰাজ্যত সংস্থাপনৰ বাট মোকোলোৱা হাজাৰ হাজাৰ অসমৰ যুৱক সাম্প্রতিক পৰিস্থিতিত পুনৰ নিবনুৱা হৈ ৰাজ্যলৈ ঘূৰি আহিবলৈ লৈছে৷
এইসকলৰ বাবে চৰকাৰক বিশেষ ব্যৱস্থা ল’বলৈ আহ্বান জনাইছে সদৌ অসম নিবনুৱা সন্থাই৷ সন্থাৰ কেন্দ্রীয় সাধাৰণ সম্পাদক জীৱন ৰাজখোৱাই এক বিবৃতিত এই আহ্বান জনাই কয়– বর্তমান অসমত চৰকাৰী তথ্য অনুসৰি পঞ্জীয়নভুক্ত নিবনুৱা সংখ্যা হ’ব ২৯ লাখ৷ এই সংখ্যাৰ লগত পঞ্জীয়ন নোহোৱাকৈ থকা নিবনুৱাসকলৰ সংখ্যা যোগ কৰিলে এই সংখ্যাই ৬৫ লাখৰ সংখ্যা অতিক্রম কৰিব৷ এনে সময়ত বহিঃৰাজ্যৰ পৰা নিবনুৱা হৈ হাজাৰ হাজাৰ যুৱক উভতি আহিলে নিবনুৱাৰ ভৰত ৰাজ্যখন কোঙা হৈ পৰিব৷ এইক্ষেত্রত সন্থাই চৰকাৰক হ্রস্বম্যাদী আঁচনি গ্রহণ কৰি নিবনুৱাসকলক সকাহ দিবলৈ সন্থাই আহ্বান জনাইছে৷
বিশেষকৈ কৃষি ক্ষেত্র, এৰী–মুগাৰ ক্ষেত্র, পশুপালন, মৎস্য উদ্যোগ লোৱাৰ আহ্বান জনাই সুদবিহীনভাৱে তেওঁলোক ৫০ হাজাৰকৈ টকাৰ ঋণ দিয়াৰ দাবী জনাইছে নিবনুৱা সন্থাই৷ সন্থাৰ কেন্দ্রীয় ভাৰপ্রাপ্ত সভাপতি ধর্মেন্দ্র দেউৰীয়ে স্বাক্ষৰ কৰা এই বিবৃতিত মহাত্মা গান্ধী নিশ্চিত নিয়োগ আঁচনিখনত এচাম মধ্যভোগীয়ে টেক্ট্রৰ জেচিবি আদি লগাই কাম কৰাৰ কথা উল্লেখ কৰি তেনে আঁচনিত কর্মহীনসকলক শ্রমিকৰূপে নিয়োগ কৰাৰ দাবী জনায়৷