হোজাইত নৱ বিবাহিতাক হত্যাৰ চেষ্টা
নিয়মীয়া বার্তা, হোজাই, ৪ মে’ ঃ সমগ্র দেশ ক’ৰোনাৰ আতংকত ভুগি থকাৰ সময়তে হোজাই জিলাৰ নীলবাগান মেথিগাঁও ৰিজার্ভত সংঘটিত হৈছে এক চঞ্চল্যকৰ ঘটনা৷ এগৰাকী নৱবিবাহিতাক জ্বলাই হত্যাৰ চেষ্টা কৰাৰ অভিযোগ উঠিছে৷ এই ঘটনাই জিলাখনতে চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, হোজাইৰ নীলবাগান কঁঠালপুৰৰ মইনুল হকৰ ১৯ ছৰীয়া কন্যা ফৰজানা বেগমৰ যোৱা ৩–৪ মাহ পূৰ্বে মেথিগাঁও ৰিজার্ভৰ ইমৰান হুছেইনৰ স’তে সামাজিক ৰীতিমতে ব্বিাহ সম্পন্ন হৈছিল৷
ইফালে, স্বামী ইমৰান হুছেইনৰ আন এগৰাকীৰ লগত প্রেমৰ সম্পর্ক আছিল আৰু পৰিয়ালৰ লোকে সেয়া অমান্য কৰি ফৰজানাৰ স’তে বিবাহ সম্পন্ন কৰি দিয়ে৷ ব্বিাহৰ পিছৰে পৰা স্বামী–স্ত্রীৰ মাজত পাৰ্বিাৰিক সংঘাতৰ সৃষ্টি হয়৷ প্রায়ে নৱবিবাহিতা বোৱাৰীগৰাকীক ইমৰানে কঠোৰ শাস্তি দিছিল৷
অকল ইমানেই নহয়, গোটেই নিশা ঘৰৰ পৰা উলিয়াইবাহিৰত থিয় কৰাই ৰাখিছিল৷ আজি পুৱা ৮ জাত নৱবিবাহিতাগৰাকী অতি ৰহস্যজনকভাৱে অগ্ণিদগ্ধ অৱস্থাত উদ্ধাৰ কৰি স্থানীয় ৰাইজে মোৰাঝাৰ আৰক্ষীক খ্বৰ দিয়ে৷ শৰীৰৰ প্রায় ৯০ শতাংশ অগ্ণিদগ্ধ কন্যাগৰাকীক আৰক্ষীয়ে উদ্ধাৰ কৰি নীলবাগান মডেল হাস্পতালত ভর্তি কৰায় যদিও অৱস্থা অতি সংকটজনক হোৱাত নগাঁৱলৈ প্রেৰণ কৰা হয়৷ পাৰিবাৰিক কন্দলৰ পৰিণতিত কন্যাগৰাকীক স্বামী, শহুৰ আৰু ননদে গাত কেৰাচিন ঢালি জ্বলাই দিয়াৰ অভিযোগ কৰিছে ফৰজানাৰ পৰিয়ালৰ লোকে৷
সম্প্রতি মৃত্যুৰ সৈতে যুঁজি আছে বোৱাৰীগৰাকীয়ে৷ প্রাথমিক অৱস্থাত আৰক্ষীক বোৱাৰীগৰাকীয়ে তেওঁৰ স্বামীয়ে জ্বলাই দিয়া লি স্বীকাৰোক্তি দিছে যদিও পিছলৈ বোৱাৰীগৰাকীয়ে পাৰ্বিাৰিক কন্দল আৰু স্বামীৰ অত্যাচাৰৰ নিজে গাত তেল ঢালি আত্মহত্যা কৰাৰ চেষ্টা কৰাৰ কথা সদৰী কৰা লি জানিব পৰা গৈছে৷
উল্লেখ্য যে স্বামীগৃহত স্বামীৰ উপৰি শাহুৱেক, ননদেকেও ফৰজানাৰ ওপৰত নির্যাতন চলোৱা লি একাংশ লোকে মন্ত্ব্য কৰিছে৷ঘটনা সংক্রান্তত বোৱাৰীগৰাকীৰ পৰিয়ালৰ লোকে মোৰাঝাৰ থানাত স্বামী, শাহুৱেক আৰু ননদেকক অভিযুক্ত কৰি এটা গোচৰ তৰে৷ সম্প্রতি স্বামী আৰু আন কেইবাজনো পলাতক অৱস্থাত আছে৷