গিলগিট–বাল্টিস্তানক লৈ পাকৰ নতুন ষড়যন্ত্ৰ
নিয়মীয়া বাৰ্তা, ৫ মেঃ পাকিস্তানৰ শীর্ষ আদালতে ২০১৮ৰ গিলগিট–বাল্টিস্তান নির্দেশনাৰ সংশোধনী ঘটাবলৈ দেশখনৰ চৰকাৰক অনুমতি দিয়াৰ পাছতে তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ভাৰতে৷ উল্লেখনীয় যে এই নির্দেশনাৰ সংশোধনী ঘটাই ছেপ্ঢেম্বৰ মাহত সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিব পাক চৰকাৰে৷
তাৎক্ষণিকভাৱে ইছলামাবাদৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে নতুন দিল্লী৷ দেশখনৰ অভ্যন্তৰত তথাকথিত গিলগিট–বাল্টিস্তান অঞ্চল আখ্যা দি সাধাৰণ নির্বাচন অনুষ্ঠিত কৰাৰ সুযোগ বিচাৰি আছিল পাক চৰকাৰে৷ শীর্ষ আদালতে এই সুযোগেই প্রদান কৰিছে ইছলামাবাদত৷ স্মর্তব্য যে গিলগিট–বাল্টিস্তান অঞ্চল নাম দি অবৈধভাৱে পাকিস্তানে দখল কৰি থকা বৃহৎ অঞ্চল শীঘ্রে খালী কৰি দিবলৈও দাবী জনাইছে নতুন দিল্লী প্রশাসনে৷
যোৱা সপ্তাহত পাক শীর্ষ আদালতে চৰকাৰক ২০১৮ৰ নির্দেশনাৰ সংশোধনী ঘটাবলৈ অনুমতি প্রদান কৰিছিল৷ ভাৰতৰ বিদেশ মন্ত্রণালয়ে পাক দখলীকৃত অঞ্চলত এয়া ভৌগোলিক মানচিত্র সলনি কৰাৰ কৌশল বুলি অভিযোগ কৰিছে৷ এনে কার্যৰ পৰা পাকিস্তান শীঘ্রে আঁতৰি অহা প্রয়োজন বুলিও নতুন দিল্লী প্রশাসনে মন্তব্য কৰিছে৷ স্মর্তব্য যে ভাৰতৰ প্রতিক্রিয়াক কোনোধৰণৰ গুৰুত্ব দিয়া নাই ইছলামাবাদে৷