নিয়মীয়া বাৰ্তা ৫ মেঃ প্রতিষেধক–দৰব আৱিষ্কাৰ বর্তমানপর্যন্ত সম্ভৱ নোহোৱা ন’ভেল ক’ৰোনা ভাইৰাছৰ (ক’ভিড–১৯) সংক্রমণ প্রতিৰোধকল্পে দেশত বলৱৎ থকা লকডাউনৰ দুটা পর্যায় ইতিমধ্যে উকলি গৈছে৷ কেন্দ্রীয় চৰকাৰৰ নির্দেশনামর্মে সোমবাৰৰ পৰা কার্যকৰী হৈছে লকডাউনৰ তৃতীয় পর্যায়৷ অৱশ্যে শিথিলতাৰ সুযোগ লৈ উলংঘন সামাজিক দূৰত্ব এই তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ছোৱাত কেন্দ্রীয় চৰকাৰে গ্রীন জ’ন হিচাপে চিহ্ণিত জিলাসমূহত যথেষ্ট শিথিলতা আনি চৰকাৰী–বেচৰকাৰী কার্যালয়, উদ্যোগ, যাতায়াত ব্যৱস্থা, ব্যৱসায়–বাণিজ্য আদি খোলাৰ অনুমতি দিয়া হৈছে৷ এই সম্পর্কত কেন্দ্রীয় চৰকাৰৰ লগতে ৰাজ্য চৰকাৰেও ইতিমধ্যে গাইডলাইন প্রকাশ কৰিছে৷ সেই অনুসৰি যথেষ্ট শিথিলতাৰ ব্যৱস্থাৰে সুদীর্ঘ ৪০ দিনৰ পাছত ৰাজ্যখনৰ গ্রীন জ’ন হিচাপে চিহ্ণিত অঞ্চলসমূহত স্বাভাৱিক জীৱনযাত্রা উভতি অহা পৰিলক্ষিত হয়৷ চৰকাৰী–বেচৰকাৰী কার্যালয়ত ৫০ শতাংশ কর্মচাৰীৰ উপস্থিতিৰে চলিছে কাম–কাজ৷ অৱশ্যে কার্যালয়ৰ দুৱাৰ খোল খালেও ৰাজ্য প্রশাসনৰ নাভি কেন্দ্র স্বৰূপ জনতা ভৱনকে ধৰি প্রায়বোৰ চৰকাৰী কার্যালয়ত সাধাৰণ দর্শনার্থীৰ প্রৱেশ আজিৰ দিনটোতো নিষিদ্ধ হৈ আছে৷ পূর্বৰ নিষেধাজ্ঞা প্রত্যাহাৰ নকৰা হেতু জনতা ভৱনত দর্শনার্থীক প্রৱেশৰ অনুমতি দিয়া হোৱা নাই৷ সেইদৰে প্রায়বোৰ ব্যৱসায়িক প্রতিষ্ঠানৰ দুৱাৰো আজি খোল খোৱা দেখা যায়৷ ৫০ শতাংশ আসনত যাত্রী কঢ়িয়াই আজিৰে পৰা আন্তঃজিলা আৰু অন্তঃজিলা পৰিবহণ ব্যৱস্থাও মুকলি কৰা হৈছে৷ নির্দিষ্ট চর্তৰে ৰিক্সা, অটোৰিক্সা, স্কুটাৰ–বাইক, টেক্সি, অ’লা–উবেৰ, ব্যক্তিগত চাৰিচকীয়া বাহন চলোৱাৰো অনুমতি দিয়া হয়৷ ইয়াৰ পৰিপ্রেক্ষিতত ৰাজ্যজুৰি সোমবাৰে সুদীর্ঘ ৪০ দিনৰ পাছত ঘৰৰ বাহিৰলৈ পুৱাৰে পৰাই মানুহ নিশ্চিন্তে ওলাই আহিবলৈ আৰম্ভ কৰে৷ কোনোবাই যদি নিজ কার্যালয়ত উপস্থিত হোৱাৰ বাবে ওলাই আহিছে, আন কোনোবা ওলাই আহিছে ইমানদিনে বন্ধ হৈ থকা ব্যৱসায়িক প্রতিষ্ঠান খোলাৰ বাবে৷ আকৌ কোনোবাজন ওলাই আহিছে বজাৰ–সমাৰ কৰিবলৈ৷
গুৱাহাটী মহানগৰীৰ প্রতিটো অঞ্চলতে সোমবাৰে এই দৃশ্য তেনেই সুলভ৷ বহু লোকে নিজা যান–বাহন লৈ ৰাজপথলৈ ওলাই অহাৰ ফলত ঠায়ে ঠায়ে কিছু যান–জঁটৰো সৃষ্টি হয়৷ অৱশ্যে কেৱল গুৱাহাটীতেই এনে হোৱা নাই৷ ৰাজ্যখনৰ প্রায়বোৰ জিলাৰ সদৰ তথা চহৰত সোমবাৰে পুৱাৰে পৰা কেৱল মানুহেই মানুহ৷ অসম–ৰুণাচল সীমান্তৰ বান্দৰদেৱা, দৰং জিলাৰ মঙলদৈ, ধেমাজিৰ বগীনদী, নগাঁও চহৰ, তেজপুৰ, যোৰহাট চহৰৰ সর্বত্র আজি জনসমুদ্র৷ চৰকাৰৰ শিথিলতাৰ সুযোগ লৈ প্রতিটো প্রান্ততে ওলাই অহা ৰাইজে কিন্তু বর্তাই নাৰাখিল চৰকাৰে বাৰে বাৰে সোঁৱৰাই দিয়া সামাজিক দূৰত্ব বর্তাই ৰখাৰ চর্ত৷ কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰে প্রকাশ কৰা গাইডলাইনত মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক হ’ব বুলি স্পষ্ট কৰি দিয়া হৈছিল৷ কিন্তু এনে শিথিলতাৰ সুযোগত ৰাজপথ–বজাৰলৈ ওলাই অহা জনসাধাৰণে চৰকাৰৰ সেই সতর্কবাণী কার্যতঃ উলংঘা কৰাহে পৰিলক্ষিত হ’ল৷ এক কথাত ক’বলৈ গ’লে আজিৰ দিনটোত চৰকাৰৰ নির্দেশনা–গাইডলাইন অৱজ্ঞা কৰি গুৱাহাটীসহ ৰাজ্যৰ প্রান্তে প্রান্তে জনসমাগমৰ দৃশ্য আছিল সুলভ৷ গুৱাহাটী মহানগৰীৰ গণেশগুৰি অঞ্চলত চিটীবাছত উঠিবলৈ একাংশই এনেদৰে হেতা–ওপৰা লগালে যে উপায়ান্তৰ হৈ আৰক্ষীয়ে মাইকযোগে যাত্রীসকলক সামাজিক দূৰত্ব মানি চলিবলৈ সকীয়াই দিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয়৷ গুৱাহাটী মহানগৰীৰ উপৰি নগাঁও চহৰতো একেই পৰিৱেশ পৰিলক্ষিত হয়৷
যোৰহাট, ডিব্রুগড়, তিনিচুকীয়া আদি স্থানতো তদ্রূপ পৰিৱেশ সৃষ্টি হোৱাৰ খবৰ পোৱা গৈছে৷ মঙলদৈ চহৰো সোমবাৰে জনসমুদ্রত পৰিণত হয়৷ সমগ্র চহৰখনত দেখা গ’ল অজস্র লোকৰ ভিৰ৷ বজাৰ কৰাৰ অচিলাৰে ওলাই অহা লোকসকলক নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে পৌৰসভাৰ কার্যবাহী বিষয়াৰ সৈতে চেম্বার্ছ অৱ কমার্চৰ প্রতিনিধিক লৈ দোকান বন্ধ অভিযানত নামি পৰিবলগীয়া হয়৷ আনকি আৰক্ষী–দণ্ডাধীশে ফুটপাথৰ বজাৰ বন্ধ কৰিবলগীয়াত পৰে৷ সেইদৰে লখিমপুৰ জিলাৰ বগীনদীতো সোমবাৰে লকডাউনৰ শিথিলতাৰ সুযোগ গ্রহণ কৰি একাংশ মহিলাই সামাজিক দূৰত্ব বজাই ৰখাৰ চর্ত উলংঘন কৰে৷ বগীনদী দৈনিক বজাৰত থকা বেংকসমূহৰ সন্মুখত মহিলাৰ দীঘলীয়া শাৰী৷ বগীনদীৰ গ্রামীণ বিকাশ বেংক, ইউ বি আই, এছ বি আই আদি বেংকৰ শাখাসমূহত মহিলাসকলৰ দীঘলীয়া শাৰী৷
অৱশ্যে দিনৰ ভাগত এই পৰিৱেশ অব্যাহত থাকিলেও সন্ধিয়া ৬ বজাৰ লগে লগে নিমাওমাও হৈ পৰে গুৱাহাটী মহানগৰীকে ধৰি সমগ্র ৰাজ্য৷ বিয়লি ৫ বজাৰ লগে লগে ইখনৰ পাছত সিখন ব্যৱসায়িক প্রতিষ্ঠান বন্ধ হৈ পৰাৰ লগতে ৬ বজাৰ পৰা বলৱৎ হোৱা সান্ধ্য আইনৰ পৰিপ্রেক্ষিতত ৰাইজ ঘৰমুৱা হ’বলৈ আৰম্ভ কৰে৷ আনহাতে, অসম–ৰুণাচল সীমান্তৰ বান্দৰদেৱাও সোমবাৰে লোকাৰণ্য হৈ পৰে৷ চুবুৰীয়া ৰাজ্য অৰুণাচল প্রদেশৰ ভিন্ন প্রান্তত কর্মৰত বহিঃৰাজ্যৰ সহস্রাধিক শ্রমিক তথা আন ব্যক্তিসকলক অৰুণাচল প্রশাসনে যোৱা তিনি দিন ধৰি বান্দৰদেৱাকে ধৰি অৰুণাচল সীমান্তৰ বিভিন্ন পথেৰে অসম অভিমুখে পঠিয়াই আছে৷ ইয়াৰ ফলত লখিমপুৰ চহৰৰ বান্দৰদেৱা ভিন্ন প্রান্তত বহিঃৰাজ্যৰ ব্যক্তিৰে ঠাহ খাই পৰিছে৷ এইক্ষেত্রত অৰুণাচল প্রশাসনে স্থানীয় লখিমপুৰ জিলা প্রশাসনৰ লগত মুঠেও সহযোগিতা নকৰাৰ অভিযোগ উঠিছে৷ ফলত পৰিস্থিতি নিয়ন্ত্রণৰ ক্ষেত্রত লখিমপুৰ জিলা প্রশাসন যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে৷ বিশেষকৈ অৰুণাচলৰ পৰা অসমত প্রৱেশ কৰা ব্যক্তিসকলৰ পৰিচয় সংগ্রহ আৰু স্বাস্থ্য পৰীক্ষাৰ ক্ষেত্রত বহু সমস্যাই দেখা দিছে বুলি প্রশাসনে জানিবলৈ দিছে৷ আজি বিয়লিৰ ভাগতো অৰুণাচল প্রশাসনে কেইবাখনো বাছেৰে কেইবাসহস্র লোকক বান্দৰদেৱাত নমাই থৈ যায়৷ ইয়াৰ বাবেও হুৱাদুৱা পৰিস্থিতি সৃষ্টি হয়৷