১১ মে’ৰ পাছত বঙাইগাঁৱৰ স্থিতি বিবেচনা কৰিব ৰাজ্য চৰকাৰে
পৰিস্থিতিৰ পর্যালোচনা স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ
নিয়মীয়া বাৰ্তা ৫ মেঃ পাঁচজনকৈ লোকৰ দেহত ক’ভিড–১৯ৰ উপস্থিতি ধৰা পৰাৰ পাছত অ’ৰেঞ্জ জ’নলৈ ৰূপান্তৰিত হোৱা বঙাইগাঁও জিলাত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আজি উপস্থিত হৈ জিলাখনৰ পৰিস্থিতি পর্যালোচনা কৰে৷ সোমবাৰে দিনৰ প্রায় ১২ বজাত জিলাখনত উপস্থিত হৈ মন্ত্রী ড০ শর্মাই পোনে পোনে বঙাইগাঁও অসামৰিক চিকিৎসালয়লৈ যায় আৰু কোৱাৰেণ্টাইনত থকা লোকসকলক প্রদান কৰা সা–সুবিধাৰ বুজ লয়৷ ইয়াৰ পাছতে তেওঁ চহৰখনৰ দুটাকৈ কনটেইনমেণ্ট জ’ন পৰিদর্শন কৰি সাৱধানতা আৰু সতর্কতামূলক ব্যৱস্থাৰ বুজ লয়৷ তাৰ পাছত তেওঁ উপায়ুক্ত কার্যালয়ত উপস্থিত হৈ প্রশাসনৰ সৈতে পৰিস্থিতিৰ পর্যালোচনামূলক বৈঠকত মিলিত হয়৷ যোগানমন্ত্রী ফণীভূষণ চৌধুৰী, ৰাজ্যিক স্বাস্থ্যমন্ত্রী পীয়ূষ হাজৰিকা, উপায়ুক্ত ডাঃ এম এছ লক্ষ্মীপ্রিয়া, আৰক্ষী অধীক্ষক সিংহৰাম মিলিৰ উপস্থিতিত বৈঠকখন অনুষ্ঠিত হয়৷ বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্রী ড০ শর্মাই কয় যে জিলাখনত ৫জনকৈ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা আক্রান্ত হোৱাৰ পাছত জিলা প্রশাসন আৰু স্বাস্থ্য বিভাগে গ্রহণ কৰা পদক্ষেপসমূহ পর্যালোচনা কৰা হৈছে৷ জিলাখনৰ পাঁচ ক’ভিড–১৯ আক্রান্তৰ ভিতৰত মাণিকপুৰৰ কিশোৰীগৰাকীৰ শেহতীয়া পৰীক্ষাৰ ফলাফলত নিগেটিভ পোৱা গৈছে৷ বাকীসকলৰো পৰীক্ষা চলি আছে৷ উক্ত পাঁচজন ক’ভিড–১৯ আক্রান্তৰ সংস্পর্শলৈ অহা ২৫০জনৰো অধিক লোকক ফেচিলিটী কোৱাৰেণ্টাইন আৰু ৫০০জনক হোম কোৱাৰেণ্টাইন কৰা হৈছে৷ ইতিমধ্যে তেওঁলোকৰ প্রত্যেকৰে নমুনা সংগ্রহ কৰা হৈছে৷ অহা ১১ মে’ৰ পাছত জিলাখনৰ স্থিতি পুনৰ বিবেচনা কৰিব পৰা যাব বুলি আশা প্রকাশ কৰি তেওঁ কয় যে নমুনা পৰীক্ষাৰ ফলাফল নিগেটিভ আহিলে নিষেধাজ্ঞাসমূহ শিথিল কৰাৰ বাবে চিন্তা–চর্চা কৰা হ’ব৷ কিন্তু পজিটিভ আহিলে কথাবোৰ নতুনকৈ চিন্তা কৰিব লাগিব৷ জিলাখনৰ ৫ ক’ৰোনা আক্রান্তৰ ভিতৰত ৪জনেই বর্তমান সুস্থতাৰ পথত বুলি জানিবলৈ দি তেওঁ আৰু কয় যে অৱশ্যে ৬০ বছৰীয়া ব্যক্তিগৰাকী এতিয়াও সুস্থ হৈ উঠা নাই৷ জিলাখনত ৫জনকৈ লোকৰ শৰীৰত ক’ভিড–১৯ৰ সংক্রমণৰ প্রসংগত মন্ত্রী ড০ শর্মাই কয় যে মাণিকপুৰৰ কিশোৰীগৰাকী নিজামুদ্দিন মার্কাজ ফেৰৎ চাপৰৰ জামালউদ্দিন হাজীৰ পৰা সংক্রমিত হোৱাটো প্রায় নিশ্চিত যদিও বাকীসকলৰ ক্ষেত্রত নিশ্চিত হ’বলৈ চূড়ান্ত ফলাফলৰ বাবেই অপেক্ষা কৰিব লাগিব৷ ইপিনে, জিলা প্রশাসনে গ্রহণ কৰা সাৱধানতাসমূহ বিশেষকৈ কনটেইনমেণ্ট জ’নৰ লোকসকলক সুকীয়াকৈ ৰখা, কোৱাৰেণ্টাইনত থকা লোকসকলক প্রদান কৰা সুবিধা আদিৰ বিষয়ত মন্ত্রী ড০ শর্মাই সন্তোষ প্রকাশ কৰে৷ সেইদৰে জিলাখনত আজিৰে পৰা পেট্র’ল–ডিজেল ডিপো, শাক–পাচলিৰ দোকান খোলা ৰাখি জনসাধাৰণক শাক–পাচলিৰ যোগানৰ ব্যৱস্থা কৰাৰ নির্দেশ দিয়ে৷ বঙাইগাঁও জিলাবাসীয়ে প্রশাসনে নির্দেশ জাৰি কৰা ব্যৱস্থাসমূহ সুচাৰুৰূপে পালন কৰি অহাৰ ফলত আগন্তুক দিনত পৰিস্থিতি উন্নত হ’ব বুলিও তেওঁ আশা প্রকাশ কৰে৷ ইফালে, বঙাইগাঁও খণ্ড প্রাথমিক স্বাস্থ্যকেন্দ্রৰ ভাৰপ্রাপ্ত বিষয়া ডাঃ এম এম ইছলামৰ আচৰণত অসন্তুষ্টি ব্যক্ত কৰি মন্ত্রী ড০ শর্মাই কয় যে কোৱাৰেণ্টাইনত যাবলগীয়া হোৱা বাবে প্রথম দিনাই চিকিৎসকগৰাকীয়ে যি আচৰণ কৰিলে, সেয়া উচিত হোৱা নাই৷ এজন চিকিৎসক হিচাপে তেওঁ তেনে আচৰণ প্রদর্শন কৰিব নালাগিছিল৷ যি সময়ত গুজৰাটৰ মুখ্যমন্ত্রীৰ দৰে ব্যক্তিয়ে কোৱাৰেণ্টাইনলৈ গৈছে, তেনে সময়ত চিকিৎসকজনে সহযোগিতা নকৰি হুলস্থূল কৰাটো উচিত হোৱা নাই৷ ডাঃ ইছলামৰ বিৰুদ্ধে উত্থাপিত অন্যান্য বিষয়সমূহ আগন্তুক দিনত চোৱা হ’ব বুলি উল্লেখ কৰি মন্ত্রী ড০ শর্মাই কয় যে তেওঁ এতিয়া কোৱাৰেণ্টাইনত আছে৷ কোৱাৰেণ্টাইনত যিহেতু আছে, টেনচনত আছে৷ সেয়ে আজিয়ে সিমান দূৰলৈ যাব বিচৰা নাই৷ আনহাতে, ৰাজ্য চৰকাৰে ঘৰত ৫ বছৰ বয়সৰ সন্তান থকা মহিলা কর্মচাৰীসকলক কার্যালয়ত উপস্থিত থকাৰ পৰা ৰেহাই দিছে যদিও স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগকে ধৰি অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িতসকলে পাঁচ বছৰীয়া সন্তান থাকিলেও কার্যালয়লৈ আহিবই লাগিব বুলি মন্ত্রী ড০ শর্মাই স্পষ্ট কৰি দিয়ে৷ সেইদৰে গুজৰাটত আবদ্ধ হৈ থকা অসমৰ ১০৪জন লোক আজি আহি পোৱাৰ লগতে ৰাজস্থানৰ পৰাও এটা দল আহি আছে বুলি সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে৷