তেজপুৰত আৰক্ষীৰ ইউনিফর্ম–মাস্ক ফালি লকডাউন ভংগকাৰীৰ আক্রমণ
নিয়মীয়া বাৰ্তা ৪ মেঃ ন’ভেল ক’ৰোনাবিৰোধী যুদ্ধৰ অন্যতম সেনানী হিচাপে পৰিগণিত হোৱা আৰক্ষীৰ ওপৰতো এইবাৰ চলিল আক্রমণ৷ তেজপুৰত দেওবাৰলৈকে দুপৰ নিশালৈকে ৰাস্তাত জুম বান্ধি আড্ডা মাৰি থকা এটা উদণ্ড যুৱকৰ দলে টহলদাৰী আৰক্ষীৰ ওপৰত আক্রমণ কৰাৰ লগতে আৰক্ষীৰ গাড়ীৰো ক্ষতি কৰা ঘটনাই চহৰখনত ব্যাপক চাঞ্চল্য সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি এই লকডাউনৰ কালছোৱাত বলৱৎ থকা কঠোৰ ব্যৱস্থা অনুযায়ী কালি নিশা প্রায় ১১.৩০ বজাত তেজপুৰৰ বেবেজীয়া আৰক্ষী চকীৰ ভাৰপ্রাপ্ত বিষয়া শৰৎ চন্দ্র দাসৰ নেতৃত্বত এটা নৈশ টহলদাৰী দল এ এছ–৩০–৭৮৪৮ নম্বৰৰ থাৰ বাহনখনেৰে ৰাওনা হয় কুণ্ডাৰবাৰী অভিমুখে৷ কুণ্ডাৰবাৰীত উপস্থিত হোৱাৰ সময়তে ৰাস্তাত জুম বান্ধি ৭জনমান যুৱকক আড্ডা মাৰি থকা দেখি বিষয়াগৰাকীয়ে ‘ইমান নিশালৈকে কি কৰি আছা, ঘৰলৈ নোযোৱা কিয়’ বুলি কওঁতেই উদণ্ড যুৱকৰ দলটোৱে আৰক্ষী বিষয়া দাসক অশ্রাব্য গালি–গালাজ পৰাৰ লগতে শাৰীৰিকভাৱেও অপদস্থ কৰি উক্ত স্থানৰ পৰা পলায়ন কৰে৷ আৰক্ষীৰ দলটোৱেও পিছে পিছে খেদি গৈ অঞ্চলটোৰ নিৱাসী কুশল কোচৰ বাসগৃহত প্রৱেশ কৰা উদণ্ড যুৱকৰ দলটোক ঘৰৰ পৰা উলিয়াই অনাৰ চেষ্টা কৰে৷ তেতিয়াই কোচৰ পৰিয়ালবর্গৰ লগতে কাষৰীয়া একাংশ লোক ওলাই আহি পৰিস্থিতি উত্তপ্ত কৰি তোলে৷ এই উত্তেজনাময় পৰিস্থিতিৰ মাজতে উদণ্ড যুৱকৰ দলটোৱে আন ১০জন যুৱকৰ সৈতে মিলি আৰক্ষী বিষয়া শৰৎ চন্দ্র দাসক শাৰীৰিকভাৱে আক্রমণ কৰাতে ক্ষান্ত নাথাকি আৰক্ষীৰ ইউনিফর্ম আৰু মাস্ক ফালি দিয়ে৷ অনুৰূপ ধৰণে অঞ্চলটোৰ একাংশ লোকেও আক্রমণ কৰে আৰক্ষী বিষয়াসহ আৰক্ষী দলটোক৷ সেইখিনি সময়তে একাংশ সচেতন যুৱক ঘটনাস্থলীত উপস্থিত হৈ উত্তেজিত ৰাইজক বুজনি দিয়াত উত্তপ্ত পৰিস্থিতি কিছু শাম কটাত আৰক্ষীৰ দলটোৱে বিভাগীয় বাহনখনত উঠি উক্ত স্থান ত্যাগ কৰিবলৈ লওঁতেই পুনৰ একাংশ উদণ্ড লোকে আৰক্ষী বিষয়া দাসক আক্রমণ কৰাৰ উপৰি গাড়ীৰ চাবি কাঢ়ি লোৱাৰ লগতে বিভাগীয় বাহনখনৰো ক্ষতি কৰে৷ উল্লেখ্য যে নিজৰ খাকী পোছাক ৰক্তাক্ত হৈ পৰা আৰক্ষী বিষয়াগৰাকীয়ে সাংবাদিকক জানিবলৈ দিয়া অনুসৰি আক্রমণকাৰী দলটোৱে তেওঁৰ জেপত থকা প্রায় ৪ হাজাৰ টকা কাঢ়ি নিয়াৰ লগতে কঁকালত থকা মাৰণাস্ত্রটোও কাঢ়ি দিয়াৰ অপচেষ্টা কৰে৷ মূৰত আৰু হাতত আঘাতপ্রাপ্ত দাসৰ স্বাস্থ্য পৰীক্ষাসহ তৎকালে চিকিৎসা ব্যৱস্থা কৰা হয়৷ ইফালে এই অনাকাংক্ষিত বাতৰি লাভ কৰাৰ লগে লগে শোণিতপুৰৰ আৰক্ষী অধীক্ষক মুগ্ধজ্যোতি মহন্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতোৰ নেতৃত্বত বৃহৎ আৰক্ষী আৰু অর্ধসামৰিক বাহিনীৰ দল এটাই কুণ্ডাৰবাৰীত নিশা প্রায় এক বজাত ঘটনা সম্পর্কত অভিযান চলায়৷ এই অভিযানকালত দেওবাৰে নিশা দুষ্কার্য সংঘটিত কৰা উদণ্ড দলটোৰ অন্যতম কুলান বৰুৱা, মাধুর্য কোচ আৰু নিহাল বিকাশ বৰুৱাক আৰক্ষীৰ দলটোৱে গ্রেপ্তাৰ কৰাৰ বিপৰীতে আন যুৱক পলায়ন কৰিবলৈ সক্ষম হয়৷ আৰক্ষীয়ে এই সমগ্র ঘটনা গুৰুত্ব সহকাৰে লৈ গোচৰ ৰুজু কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ২৪৯, ২৯৪, ৪২৭, ৩৫৩, ৩৯৪, ৩০৭, ৩২৫, ১৪৩নং ধাৰা আৰু ডিচাষ্টাৰ মেজেমেণ্ট আইনৰ অধীনস্থ আৰ/ডব্লিউ ৫১ (এ) আৰু (বি) ধাৰাত অভিযুক্ত এই ধৃত উদণ্ড ল’ৰাকেইজনক সোমবাৰে তেজপুৰ ন্যায়িক আদালতত হাজিৰ কৰোৱাত আদালতে কুনালক ন্যায়িক জিম্মাত লৈ তেজপুৰ কেন্দ্রীয় কাৰাগাৰলৈ প্রেৰণ কৰাৰ বিপৰীতে নাবালক মাধুর্য আৰু নিহালক যোৰহাটস্থিত শিশু কাৰাগাৰলৈ প্রেৰণ কৰে৷