পুনৰ ৰাজ্যলৈ উভতিছে ৰাজস্থানত অধ্যয়নৰত ৪৪গৰাকী শিক্ষাৰ্থী
নিয়মীয়া বাৰ্তা, ৫ মেঃ ৰাজস্থানৰ মেৱাৰ বিশ্ববিদ্য়ালয়ত অধ্যয়নৰত ৪৪জন শিক্ষাৰ্থীক অসমলৈ ঘূৰাই আনিছে ৰাজ্য চৰকাৰে। দুখন বাছেৰে আজি গুৱাহাটীলৈ ৰাওনা হয় শিক্ষাৰ্থীসকল। পূৰ্বতেও ৰাজস্থানৰ কোটাৰ পৰা ৩৯১গৰাকী শিক্ষাৰ্থীক ৰাজ্যলৈ ঘূৰাই আনিছিল চৰকাৰে। শিক্ষাৰ্থীসকলক কোৱাৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে চৰকাৰে।
আনহাতে ৰাজস্থানৰ কোটাৰ পৰা অহা ৩৯১গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১২৪গৰাকী শিক্ষাৰ্থীক আজি ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰে স্বাস্থ্য বিভাগে।
For notice of all concerned – 44 students from Assam studying in Mewar University, Chittorgrah (Rajasthan) are returning to Assam in two buses. They have all the requisite permissions & passed from the state government. They may please be allowed unhindered travel. pic.twitter.com/v5MEp6Up7B
— Himanta Biswa Sarma (@himantabiswa) May 5, 2020