নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ক্ষুধাতুৰৰ প্রতিবাদত উত্তাল বিলাসীপাৰা

চৰকাৰী সাহায্য অঙহী–বঙহীক দিলে পঞ্চায়ত সভানেত্রী শেফালী বর্মনে

নিয়মীয়া বাৰ্তা ৬ মেঃ বিলাসীপাৰাৰ তুষপাৰা গাঁও পঞ্চায়তত এমুঠি অন্নৰ বাবে ঘৰৰ চোতালতে আজি প্রতিবাদ সাব্যস্ত কৰে একাংশ লোকে৷ লকডাউনৰ বাবে ৰেচন কার্ডবিহীন পৰিয়ালকেইটাই বিগত বিয়াল্লিচ দিনে তীব্র খাদ্য সংকটত ভুগি আহিছে৷ মহামায়া উন্নয়ন খণ্ডৰ অধীনস্থ তুষপাৰা গাঁও পঞ্চায়তৰ পাটীমাৰী দ্বিতীয় খণ্ড গাঁৱৰ ১৫/২০টা পৰিয়ালৰ লোকৰ নাই ৰেচন কার্ড৷ ৰেচন কার্ড নথকা পৰিয়ালবোৰক চৰকাৰে এহেজাৰ টকাকৈ আর্থিক সাহায্য প্রদান কৰিছে৷ পৰৱর্তী সময়ত তেনে ৰেচন কার্ডবিহীন পৰিয়াললৈ চৰকাৰে বিনামূলীয়াকৈ চাউলো প্রদান কৰে৷ কিন্তু গাঁওখনৰ ৰেচন কার্ড নথকা দুর্ভগীয়া পৰিয়ালকেইটাক সকলো দিশতে পঞ্চায়তখনৰ সভানেত্রী শেফালী বর্মনে বঞ্চিত কৰাৰ অভিযোগ উঠিছে৷ ৰেচন কার্ড নথকা পৰিয়ালক চিনাক্ত কৰিবলৈ পঞ্চায়ত প্রতিনিধিসকলক দায়িত্ব অর্পণ কৰিছিল চৰকাৰে৷ কিন্তু ইয়াৰ পূর্ণ সুযোগ গ্রহণ কৰি পঞ্চায়তখনৰ সভানেত্রী শেফালী বর্মন আৰু গাঁওখনৰ ৱার্ড সদস্য আক্তাৰ হুছেইনে ৰেচন কার্ড নথকা ব্যক্তিসকলক বঞ্চিত কৰি নিজৰ অঙহী–বঙহীৰ নাম তালিকাত ভুক্ত কৰি চৰকাৰী ধন আৰু চাউলৰ শৰাধ কৰাত উঠিপৰি লাগিছে বুলি গুৰুতৰ অভিযোগ উঠিছে৷ পঞ্চায়ত প্রতিনিধিদ্বয়ৰ বিৰুদ্ধে আজি গাঁওখনত সামাজিক দূৰত্ব বজাই ৰাখি ৰেচন কার্ড নথকা চৰকাৰী সাহায্যৰ পৰা বঞ্চিত ব্যক্তিসকলে প্রতিবাদ সাব্যস্ত কৰে৷ পঞ্চায়ত সভানেত্রী শেফালী বর্মন মুর্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷

You might also like