নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাস্ক পৰিধান কৰি বিবাহত বহিল প্ৰাণজিৎ মধুস্মিতা

নিয়মীয়া বাৰ্তা ৬ মেঃ লকডাউনৰ বাবে ব’হাগ মাহত হ’বলগীয়া বহু শুভ বিবাহৰ তাৰিখ পিছুৱাই যোৱাৰ মাজতে চৰকাৰী সকলো নীতি নিয়ম মানি আজি মঙলদৈ চহৰত অনুষ্ঠিত হয় এখন বিবাহ। পূৰ্ব নিৰ্ধাৰিত তাৰিখ মতেই আজি দিনৰ পোহৰতে দৰা – কইনাই মুখত মাস্ক পৰিধান কৰি হোমৰ জুইক সাক্ষী কৰি পাতনি মেলে যুগ্ম জীৱনৰ। মাত্ৰ ৬/৭ জন বৰযাত্ৰী লৈ কোঁৱৰপাৰাৰ দৰা প্ৰাণজিৎ ডেকা দিনৰ ১১ বজাত আহি উপস্থিত হয় মঙলদৈ চহৰৰ আঠ নম্বৰ ৱাৰ্ডৰ কইনা মধুস্মিতা বড়োৰ ঘৰত। আয়তীৰ উৰুলি, হৰ্ষোলাস, পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজত দুয়োৰে শুভ বিবাহ সম্পন্ন হয়।
বিয়লি ৪ বজাত দৰাই কইনা লৈ ঢাপলি মেলিব স্ব গৃহলৈ।

You might also like