নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত চিকিৎসাধীন সৰুপথাৰৰ শ্ৰমিকঃ চৰকাৰ–প্রশাসনক আহ্বান মাতৃৰ

নিয়মীয়া বার্তা, ৬ মে’ : লকডাউনৰ ফলত গোলাঘাট জিলাৰ সৰুপথাৰৰ গেলাবিল গাঁৱৰ এজন শ্রমিক আবদ্ধ হৈ আছে কেৰালাত ৷ দুর্ঘটনাত হাত–ভৰি ভাঙি বর্তমান কেৰালাৰ হাস্পতালত চিকিৎসাধীন শ্রমিকজন তীব্র আর্থিক সংকটত ভুগিছে বুলি পৰিয়াল সূত্রৰ পৰা জানিব পৰা গৈছে ৷ হাস্পতালৰ বিছনাৰ পৰাই অসম চৰকাৰলৈ সাহায্য বিচাৰি কাতৰ আহ্বান জনাইছে শ্রমিকজনে ৷ বহিঃৰাজ্য কেৰালাৰ কলেনচেৰী আৰণা কোলাম চহৰৰ এটা ব্যক্তিগত কোম্পানীত শ্রম কৰিবলৈ গৈছিল অৰবিন্দ শইকীয়া নামৰ গেলাবিল অঞ্চলৰ শ্রমিকজন ৷ ইয়াৰ পিছতে কর্মৰত অৱস্থাতে দুর্ঘটনাত পতিত হৈ দুয়োখন ভৰি আৰু এখন হাত ভাঙি কলেনচেৰী আৰণা কোলাম চহৰৰ এম’এছচি নামৰ মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন হৈ আছে ৷ কোম্পানীৰ ফালৰ পৰা কেইদিনমান সাহায্য প্রদান কৰি কোম্পানীটোৱে দায়িত্ব সামৰে বুলি জানিবলৈ দিয়ে শ্রমিকজনে ৷ বর্তমান টকা–পইচাৰ অভাৱত ভুগিছে যুৱকজন ৷

আনহাতে, লকডাউনৰ কেইদিনমান পূর্বে শ্রমিকজনৰ পিতৃ আৰু খুৰাকে শ্রমিক পুত্রক আনিবৰ বাবে কেৰালালৈ যায় ৷ কিন্তু পৰিতাপৰ বিষয় তাৰ মাজতে সমগ্র ভাৰতবর্ষত লকডাউন হোৱাৰ বাবে তেওঁলোকো কেৰালাতে আবদ্ধ হৈ পৰে ৷ যাৰবাবে উক্ত লোককেইজনে অনাহাৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷ তাৰ সমান্তৰালভাৱে অসমত থকা পৰিয়ালটিয়েও লকডাউনৰ সময়ছোৱাত তীব্র আর্থিক সংকটত ভুগিছে ৷ অসমত থকা অৰবিন্দৰ মাতৃয়ে  পুত্রৰ লগতে কেৰালাত আবদ্ধ হৈ থকা তেওঁৰ স্বামী আৰু দেৱৰেকক সৰুপথাৰৰ গেলাবিলৰ স্বগৃহলৈ অনাৰ ব্যৱস্থা কৰিবৰ বাবে অসম চৰকাৰ তথা গোলাঘাট জিলা প্রশাসনৰ প্রতি কাতৰ অনুৰোধ কৰিছে ৷

You might also like