নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

তেজপুৰ বিশ্ববিদ্যালয়ত ক’ৰোনাৰ স্ক্ৰিনিং জ’ন

নিয়মীয়া বাৰ্তা, ৭ মেঃ তেজপুৰ বিশ্ববিদ্যালয়ত ক’ৰোনাৰ স্ক্ৰিনিং জ’ন স্থাপন কৰা হৈছে। বহিঃৰাজ্যৰ পৰা অহা লোকসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হ’ব এই জ’নত। শোণিতপুৰ, লখিমপুৰ, ধেমাজি, বিশ্বনাথ ওদালগুৰিলৈ অহা লোকসকলক এই স্বাস্থ্য পৰীক্ষা কৰা হ’ব। আনহাতে তেজপুৰ বিশ্ববিদ্যালয়ৰ চৌহদত থকা কেন্দ্ৰীয় বিদ্যালয়ত প্ৰায় ৫০০লোকক কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। জিলা প্ৰশাসনে অতি শৃংখলাবদ্ধভাৱে সকলো সাজু কৰি তুলিছে।

আনহাতে আন্তঃৰাজ্যিক যাতায়াত খোলাৰ লগে লগে বহুসংখ্যক লোক নিজ ৰাজ্যলৈ আহিছে ইয়াৰে কিছুসংখ্যক লোক ৰেড জ’নৰ পৰাও আহিছে। এইলোকসকলক বিজ্ঞানসন্মতভাৱে হাতেৰে কোনো বস্তু স্পৰ্শ নকৰাকৈ হাত ধোৱাৰ পৰা সকলো ব্যৱস্থা কৰা হৈছে। লগতে যিসকল লোকৰ স্বাস্থ্যৰ কিছু পৰিমাণে অৱনতি ঘটিছে সেইসকল লোকক কোৱাৰেণ্টাইনৰ লগতে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হ’ব।

You might also like