নিয়মীয়া বাৰ্তা ৭ মেঃ লকডাউনৰ আগৰে পৰা প্ৰায় ডেৰ – দুমাহ কাল বন্ধ আছিল গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ ফেৰী সেৱা । উত্তৰ গুৱাহাটীবাসী ৰাইজৰ বাবে গুৱাহাটী আহ যাহ কৰাৰ বাবে ফেৰী সেৱাই সৰ্বোত্তম । চল্লিশ দিনীয়া সম্পূৰ্ণ লকডাউনৰ পিছত এতিয়া দেশৰ লগতে অসমতো চলিছে তৃতীয় পৰ্যায়ৰৰ লকডাউন । ইমান দিনে ঘৰত আৱদ্ধ থকা লোকসকল নিজ নিজ কৰ্মস্থলীত নীতি নিয়ম মানি যোৱা আৰম্ভ কৰিছে । ক্ৰমান্বয়ে স্বাভাৱিক হ’বলৈ ধৰিছে জনজীৱন । চৰকাৰী বাছকে আদি কৰি ব্যক্তিগত বাহন চলাচল কৰাকে ধৰি মাজুলীত জাহাজ চলিছে । তাৰেই পৰিপ্ৰেক্ষিতত উত্তৰ গুৱাহাটী সৰহ সংখ্য লোক চৰকাৰী চাকৰিয়াল হোৱা হেতুকে এওঁলোকৰ বেছি সংখ্যক গুৱাহাটীৰ বিভিন্ন কাৰ্যালয়ত কৰ্মৰত হৈ থকা বাবে চাকৰিয়াল আৰু ব্যৱসায়ী সকলৰ সুবিধাৰ বাবে সামাজিক দূৰত্ব বৰ্তাই , মাস্ক পৰিধান আদি ব্যৱস্থা জৰিয়তে উত্তৰ গুৱাহাটী ৰাইজেও ফেৰীসেৱা পুনৰ আৰম্ভ কৰিব লাগে বুলি চৰকাৰ কিম্বা আভ্যন্তৰীণ জলপৰিবহণ বিভাগক দাবী জনাই আহিছিল । আনকি যাতে অনাহকতে কোনো লোক এই সেৱা জৰিয়তে গুৱাহাটীলৈ যাব নোৱাৰে তাৰ বাবে বিশেষ পাছ স্থানীয় আৰক্ষী প্ৰশাসনৰ জৰিয়তে দিয়াৰ ব্যৱস্থা কৰা হওঁক বুলিও উল্লেখ কৰিছিল ৰাইজে ।
যিহেতু গাড়ীৰে অহাযোৱা কৰাটো কষ্টকৰ আৰু ব্যয়বহুল হয় । অবশেষত উত্তৰ পৰীয়া ৰাইজৰ দাবী মানি আজি আভ্যন্তৰীণ জলপৰিবহণ বিভাগে আজিৰ পৰা ৫০ শতাংশ যাত্ৰী নিয়াৰ অনুমতি প্ৰদান কৰি এই ফেৰী সেৱা পুনৰ আৰম্ভ কৰাৰ কথা সদৰি কৰে । এই কথা সদৰি কৰাৰ লগে লগে উত্তৰ পৰীয়া ৰাইজ উৎফুল্লিত হৈ পৰিছে আৰু এই ফেৰী সেৱা বিশেষ অসুবিধা নহলে বন্ধ নকৰি বাহল ৰাখিবলৈ চৰকাৰ প্ৰশাসনৰ ওচৰত দাবী উত্থাপন কৰিছে ।